• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মহম্মদ চিৰাজ: খৰচী বলাৰৰ পৰা বিশ্বৰ শীৰ্ষস্থানৰ এদিনীয়া বলাৰলৈ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 25, 2023 5:33 pm
Mohammed Siraj
123
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইটামান দিন পূৰ্বলৈকে ভাৰতীয় ক্ৰিকেটত এগৰাকী খৰচী বলাৰ হিচাপে ক্ৰিকেট অনুৰাগীৰ ট্ৰলৰ সন্মুখীন হৈছিল মহম্মদ চিৰাজ। লাইন-লেংথত ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰাৰ বাবে নিজৰ স্পেলত যথেষ্ট ৰান খৰচ কৰিবলগীয়া হৈছিল পেচাৰগৰাকীয়ে। কিন্তু হঠাতে যেন উদীয়মান পেচাৰগৰাকীয়ে বিচাৰি পালে সঠিক লয়।

২০২১ ৰ ভাৰতৰ ঐতিহাসিক গাবা টেষ্টে চিৰাজৰ ক্ৰিকেট কেৰিয়াললৈ আনি দিছিল সেই লয়। গাবা টেষ্টে দিয়া আত্মবিশ্বাস, কঠোৰ অধ্যৱসায় আৰু অনুশীলনৰ বলত একালৰ সেই খৰচী চিৰাজ এতিয়া আই চি চি- ৰ এদিনীয়া ৰেংকিঙত বিশ্বৰ শীৰ্ষস্থানৰ বলাৰ।

Apply Now

আজি আই চি চি- এ ঘোষণা কৰা নতুন ৰেংকিং তালিকাত শীৰ্ষস্থানত উপনীত হৈছে ভাৰতীয় পেচাৰগৰাকী। শেহতীয়াকৈ ভাৰতীয় দলৰ হৈ আগবঢ়োৱা চমকপ্ৰদ প্ৰদৰ্শনৰ ফলশ্ৰুতিত এই ঈৰ্ষণীয় সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে চিৰাজ।

ভাৰতৰ তাৰকা বলাৰ যশপ্ৰীত বুমৰাহৰ অনুপিস্থিত বিগত সময়চোৱাত চিৰাজে দক্ষতাৰে বহন কৰিছে পেচ আক্ৰমণৰ দায়িত্ব। পাৱাৰপ্লেত উইকেট দখলৰ সাৰ্থকতাৰ লগতে চিৰাজে মিতব্যয়ী বলিঙেৰে ভাৰতীয় পেচ বলিং আক্ৰমণক এক নতুন শক্তি প্ৰদান কৰিছে।

আজি ঘোষিত ৰেংকিঙত চিৰাজে নিউজিলেণ্ডৰ ট্ৰেণ্ট ব’ল্ট আৰু অষ্ট্ৰেলিয়াৰ জ’ছ হেজলউডক অতিক্ৰম কৰি প্ৰথমবাৰৰ বাবে শীৰ্ষ ৰেংকিঙৰ এদিনীয়া বলাৰ হিচাপে পৰিগণিত হয়। যোৱা এটা বছৰত চিৰাজৰ দুৰ্দান্ত ফৰ্মে খেলুৱৈগৰাকীৰ কেৰিয়াৰত এই গতি প্ৰদান কৰিছে।

শেহতীয়াকৈ শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে চিৰাজে আগবঢ়াইছিল দমনীয় প্ৰদৰ্শন। শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাত ৯টা উইকেট দখল কৰা চিৰাজে নিউজিলেণ্ডৰ বিৰুদ্ধে সদ্যসমাপ্ত শৃংখলাত দুখন মেচত পাঁচটা উইকেট দখল কৰিছিল।

দুটা স্থানৰ উত্তৰণ ঘটা চিৰাজে ৭২৯ ৰেটিং পইণ্টেৰে শীৰ্ষস্থানত থকাৰ বিপৰীতে ৭২৭ পইণ্টেৰে দ্বিতীয় স্থানত আছে অষ্ট্ৰেলিয়াৰ জ’ছ হেজলউড। আনহাতে তৃতীয় স্থানত থকা ট্ৰেণ্ট ব’ল্টৰ ৰেটিং পইণ্ট হৈছে ৭০৮।

আনহাতে বেটাৰৰ তালিকাত শীৰ্ষ দহৰ ভিতৰত আছে তিনি ভাৰতীয়। শেহতীয়াকৈ ভাৰতৰ অপেনিঙৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰা যুৱ বেটাৰ শুভমন গিল কেৰিয়াৰ শ্ৰেষ্ঠ ষষ্ঠ স্থানত উপনীত হৈছে। গিলৰ লগতে শীৰ্ষ দহত থকা আন দুগৰাকী ভাৰতীয় বেটাৰ হৈছে তাৰকাদ্বয় ৰোহিত শৰ্মা আৰু বিৰাট কোহলী।

বিৰাট কোহলী ঘোষিত ৰেংকিঙত সপ্তম স্থানত থকাৰ বিপৰীতে অধিনায়ক ৰোহিত শৰ্মা আছে অষ্টম স্থানত। পাকিস্তানৰ অধিনায়ক বাবৰ আজমে এই তালিকাত শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd