NORTHEAST NOW (Assamese)

হিন্দু দম্পতীক ৩ টাকৈ সন্তান জন্ম দিয়াৰ আহ্বান মোহন ভাগৱতৰ : আৰ এছ এছক বৰলা সন্থা আখ্যা কংগ্ৰেজ নেতাৰ

August 29, 2025 7:00 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 29, 2025 6:32 pm

দেশৰ জনসংখ্যাৰ হাৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সকলো হিন্দু দম্পতীৰ ৩টা সন্তান জন্ম দিব লাগে। এদিন পূৰ্বে সংঘৰ এক অনুষ্ঠানত থিয় হৈ এই কথা কৈছিল সংঘ প্ৰধান মোহন ভাগৱতে।

ইয়াৰ পিছত্ৰ কংগ্ৰেছ নেতা অজয় ​​ৰায়ে ভাগৱতক সমালোচনা কৰে। তেওঁ আৰ এছ এছক অবিবাহিত মানুহৰ সংগঠন বুলি কটাক্ষ কৰে।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ১০০ বছৰীয়া জয়ন্তী উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত বৃহস্পতিবাৰে মোহন ভাগৱতে কয় যে, “ভাৰতৰ জনসংখ্যা নীতিত ২.১ সন্তানৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে ইয়াৰ অৰ্থ হ’ল এটা পৰিয়ালত দুটা নহয়, তিনিটা সন্তান হ’ব লাগে। প্ৰতিজন নাগৰিকে নিজৰ পৰিয়ালত তিনিটা সন্তান জন্ম দিয়াৰ লক্ষ্য ৰাখিব লাগে।”

সংঘৰ মুৰব্বীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা অজয় ​​ৰায়ে কয়, “আৰ এছ এছ নিজেই বৰলা সেনাবাহিনী। মানুহক মৃত্যুদণ্ড দিয়াৰ আগতে তেওঁলোকে নিজৰ পক্ষটোও চাব লাগে।”

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যদি আৰ এছ এছৰ মুৰব্বীগৰাকী দেশৰ জনসংখ্যাক লৈ ইমানেই চিন্তিত, তেন্তে সংঘৰ সদস্যসকলৰ বাবে বিবাহৰ ব্যৱস্থা কৰক। তেওঁ সংঘৰ ভিতৰৰ সকলো নেতাক বিয়া পাতিবলৈ নিৰ্দেশ দিব লাগে।

ইফালে কংগ্ৰেছ নেতাৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে বিজেপিয়ে। বিজেপিৰ এগৰাকী মুখপাত্ৰই এই মন্তব্যক ‘নিম্ন পৰ্যায়ৰ বুলি অভিহিত কৰিছে।

Related News