পাত্ৰ চাওল কেলেংকাৰী: পাঁচ ছেপ্টেম্বৰলৈ বৃদ্ধি সঞ্জয় ৰাউটৰ ন্যায়িক জিম্মা

Money laundering case Sanjay Raut

পাত্ৰ চাওল ভূমি কেলেংকাৰীৰ গোচৰত অভিযুক্ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ ন্যায়িক জিম্মাৰ ম্যাদ আজি পুনৰ বৃদ্ধি কৰিছে মুম্বাইৰ এখন বিশেষ আদালতে। আজি আদালতে শিৱসেনাৰ নেতাগৰাকীক ৫ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা ১ আগষ্টতে ৰাউটক এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি) উপনগৰীয় গোৰেগাঁৱত পাত্ৰ চাওলৰ পুনৰ্বিকাশত বিত্তীয় অনিয়মত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

প্ৰথমে আঠ দিনৰ বাবে সাংসদগৰাকীক ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ ৮ আগষ্টত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

শিৱসেনা নেতাগৰাকীৰ অসুস্থতাৰ প্ৰতি লক্ষ্য ৰাখি আদালতে ন্যায়িক জিম্মাত ঘৰত বনোৱা খাদ্য আৰু ঔষধ গ্ৰহণ কৰিবলৈ অনুমতি দিছিল।

ৰাউটৰ লগতে তেওঁৰ পত্নী আৰু আন কেইজনমান লোকৰ বিৰুদ্ধে পাত্ৰ চাওলৰ বিত্তীয় অনিয়মৰ অভিযোগ তুলি এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিযান চলাইছিল।

কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে গোচৰটোৰ তদন্তত যথেষ্ট অগ্ৰগতি লাভ কৰিছে বুলি দাবী কৰাৰ লগতে গোচৰটোৰ তদন্ত এতিয়াও চলি আছে বুলি আদালতৰ মজিয়াত উল্লেখ কৰে।