NORTHEAST NOW (Assamese)

৬ বছৰীয়া কণমানিৰ ধৰ্ষণ ৰোধ কৰিলে বান্দৰ সেনাই! এই ঘটনা দেখি কৃতজ্ঞ মানৱ সমাজ

September 24, 2024 10:46 am · এন ই নাও নিউজ, নতুন দিল্লী
প্ৰতিনিধিত্বমূলক ফটো।

বিপদত পৰিছে এটি কণমানি শিশু। ওচৰৰ কোনোৱেই সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল। কিন্তু বান্দৰৰ দল এটাই কণমানিজনীক ধৰ্ষণৰ পৰা উদ্ধাৰ কৰিলে! উত্তৰ প্ৰদেশৰ বাঘপাটত সংঘটিত হৈছে এই অদ্ভুত ঘটনা। শিশুটিৰ পিতৃয়ে নিজৰ কন্যাক সুস্থ অৱস্থাত ঘুৰাই পাই অচিনাকি বান্দৰ সেনাক ধন্যবাদ জনাইছে। অৱশ্যে এতিয়ালৈকে আৰক্ষীয়ে ধৰিব পৰা নাই অভিযুক্তক।

যোৱা শনিবাৰে সংঘটিত হৈছিল এই ঘটনা। সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ এক সূত্ৰৰ মতে, এজন ব্যক্তিয়ে ৬ বছৰীয়া শিশুটিক ধৰ্ষণৰ চেষ্টা চলাইছিল। চহৰৰ এটা পৰিত্যক্ত ঘৰলৈ লৈ গৈ শিশুটিক নিৰ্যাতন চলাবলৈ চেষ্টা কৰে। ঠিক তেতিয়াই বান্দৰৰ দল এটা ঘৰটোলৈ আহিল। মানুহজনৰ ওপৰত পোনে পোনে জপিয়াই পৰিল। বান্দৰৰ আক্ৰমণৰ পিছতে অভিযুক্তই ঘৰৰ পৰা পলায়ন কৰে। শিশুটি কোনমতে তাৰ পৰা ঘৰলৈ উভতি আহে।

লগতে পঢ়কঃ ধৰ্ষণৰ ঘটনাত সন্মানহানি হ’ব পৰিয়ালৰ; পৰিকল্পনা কৰি মাতৃয়ে হত্যা কৰালে নিজৰ কন্যাক!

পিছত গোটেই কথাটো মাক-দেউতাকক ক’লে। শিশুটিৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয়, ‘সেই ব্যক্তিজনে মোৰ ছোৱালীক ভাবুকি দিছিল যে তেওঁ মোক হত্যা কৰিব। আশে-পাশে থকা চিচিটিভি ফুটেজৰ পৰা ব্যক্তিজনক নিশ্চিতভাৱে দেখা পোৱা যাব।” বান্দৰৰ দলটো যদি সঠিক সময়ত আহি নাপালেহেঁতেন, তেন্তে কি হ’লহেঁতেন বুলি ভাবি ছোৱালীজনীৰ পিতৃ শিঁয়ৰি উঠিছে। বান্দৰৰ দলটো নাথাকিলে হয়তো ছোৱালীজনীৰ মৃতদেহটোহে পোৱা গ’লহেঁতেন বুলিও তেওঁ কয়।

শিশুটিৰ পিতৃৰ বক্তব্যৰ ভিত্তিত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয়। ঘটনাৰ দুদিন পাৰ হৈ গ’ল যদিও অভিযুক্তক ধৰিব পৰা নাই আৰক্ষীয়ে। আনকি অভিযুক্তক চিনাক্তও কৰিব পৰা নাই।

লগতে পঢ়কঃ ইজৰাইলৰ ৰকেট আক্ৰমণত বিধ্বস্ত লেবানন, মৃত্যু ৪৯২; হিজবুল্লাৰো প্ৰত্যুত্তৰ, আন এক ‘গাজা’ৰ সৃষ্টি!

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত আছে। কিন্তু এদল বান্দৰে যিদৰে মানৱতা দেখুৱালে, এই খবৰত আপ্লুত হৈ পৰিছে সকলোৱে। 

Related News