অসমৰ বান পৰিস্থিতিৰ অৱনতি! ক্ষতিগ্ৰস্ত প্ৰায় ৬.৫ লাখৰো অধিক

অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। এই পৰ্যন্ত প্ৰায় ৬ লাখ ৫০ হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ অঞ্চল পানীৰ তলত বুৰ গৈছে। ধাৰাসাৰ বৰষুণৰ ফলত অৰুণাচলৰ বহু ঠাইত ভূমিস্খলন সংঘটিত হৈছে। প্ৰশাসনে ইটানগৰত ৬ জুলাইলৈ বিদ্যালয়ৰ ছুটী দিছে। পথ ভাঙি যোৱাৰ বাবে বন্ধ হৈ পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পথ।

বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি নিৰ্ধাৰিত সময়ৰ ৬ দিন পূৰ্বে সমগ্ৰ দেশত বাৰিষা বিয়পি পৰিছে। ফলত কেৱল উত্তৰ-পূব ভাৰততে নহয়, সমগ্ৰ হিমালয়ৰ কাষৰীয়া ৰাজ্য আৰু পশ্চিম আৰু পূব ভাৰততো অতিৰিক্ত বৰষুণ আৰম্ভ হৈছে। যাৰ বাবে বহু চহৰ পানীৰ তলত। অহা কেইদিনমানৰ ভিতৰত আৰু অধিক ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

অন্ধ্ৰ প্ৰদেশৰ উপকূলীয় অঞ্চলকে ধৰি বিভিন্ন স্থানত বৰষুণ আৰু ধুমুহা হ’ব। ৰাজস্থান, হাৰিয়ানা আৰু পঞ্জাৱতো প্ৰৱেশ কৰিছে মৌচুমীয়ে। দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়েও আজিৰ দিনটোত হঠাৎ বতৰৰ এনে পৰিৱৰ্তনক লৈ মন্তব্য কৰে। এটা অনুষ্ঠানত তেওঁ কয় যে দিল্লীৰ ভয়াবহ গৰমৰ পাছত ধাৰাসাৰ বৰষুণ বতৰৰ পৰিৱৰ্তনৰ লক্ষণ। ফলত তেওঁ প্ৰদূষণ হ্ৰাস কৰিবলৈ পৰিৱেশ অনুকূল জীৱনশৈলী বাছি লোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবে।

উল্লেখ্য যে, যোৱা ২৮ জুনৰ পৰা অসমৰ ডিব্ৰুগড়ৰ এখন নদীত আবদ্ধ হৈ থকা ১২জন মাছমৰীয়াক উদ্ধাৰ কৰে বায়ুসেনাই। বিমানেৰে নিৰাপদ স্থানলৈ লৈ যোৱা হয়। বতৰ বিজ্ঞান বিভাগে আগন্তুক দিনত চৰাক অসমৰ লগতে উত্তৰ-পূবতো অধিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক ৩-৪ দিন ৰাজ্যখনৰ বাবে অতি চিন্তনীয় সময়।

বতৰৰ পূৰ্বাভাস অনুসৰি আগন্তুক কেইদিনমান হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, কৰ্ণাটক আৰু কেৰালাত ধাৰাসাৰ বৰষুণ হ’ব।