চন্দ্ৰলৈ আৰু এঢাপ; চন্দ্ৰযান-২ৰ পৰা বিচ্ছিন্ন ‘বিক্ৰম’

Chandrayan-2

চন্দ্ৰযান-২

চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিবলগীয়া বিক্ৰমে সফলতাৰে চন্দ্ৰযান-২ৰ পৰা পৃথক হোৱাৰ পাছত ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে সোমবাৰে ইছৰোৰ এই সফলতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

সোমবাৰে ১.১৫ বজাত চন্দ্ৰ পৃষ্ঠত অৱতৰণ কৰিবলগীয়া বিক্ৰম কক্ষৰ পৰা পৃথক হয়।

‘‘আজি ১.১৫ বজাত মহাকাশ ক্ষেত্ৰখনত ভাৰতে আন এক বিৰল কৃতিত্ব গঢ়ে। কুদোছ #ইছৰো। চন্দ্ৰলৈ আৰু এঢাপ। #চন্দ্ৰযান-২ #বিক্ৰমলেণ্ডাৰ চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পূৰ্বে সফলতাৰে চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথক হ’ল’’ জিতেন্দ্ৰ সিঙৰ টুইট।

এই সম্পৰ্কত ইছৰোই বিক্ৰম লেণ্ডাৰে সফলতাৰে চন্দ্ৰযান-২ৰ কক্ষৰ পৰা পৃথক হোৱা বুলি টুইট কৰে।

বিক্ৰম লেণ্ডাৰ চন্দ্ৰযান-২ৰ পৰা পৃথক হোৱাৰ পাছত চন্দ্ৰযান-২য়ে চন্দ্ৰক প্ৰদক্ষিণ কৰি আছে বুলিও ইছৰোই টুইটযোগে প্ৰকাশ কৰে।

ইছৰোই চন্দ্ৰযান-২, বিক্ৰম লেণ্ডাৰক প্ৰতিমূহুৰ্ততে নিৰীক্ষণ কৰি আছে বুলি উল্লেখ কৰাৰ লগতে বৰ্তমানলৈ চন্দ্ৰযান-২ৰ সকলো অংশই সঠিক আৰু কাৰ্য্যকৰীভাৱে কাম কৰি আছে বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, পূৰ্ব নিৰ্ধাৰিত সময় মতে, চন্দ্ৰযান-২য়ে ৭ ছেপ্তেম্বৰত চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব লাগে।

ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযান চন্দ্ৰযান-২ ই ২০ আগষ্ট, ২০১৯ত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।

ভাৰতৰ দ্বিতীয় চন্দ্ৰ অভিযানত তিনিগৰাকী অসমীয়া বিজ্ঞানী ক্ৰমে জিতেন্দ্ৰ নাথ গোস্বামী, দীপক কুমাৰ দাস আৰু হিদাম ৰাজীৱ সিঙ বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে।