চিনেমাখনৰ নামটিয়েই সূচায় কাৰোবাৰ এক বেথাভৰা গাঁথাৰ কথা। হয়,ঠিক তেনেকুৱাই। কোনোৱাই আজীৱন নিজৰ মাজতেই কঢ়িয়াই ফুৰা কিছু সঁচা,কিছু যন্ত্ৰণা আৰু ত্যাগৰ কাহিনীৰেই মোৰ শেষ গান চিনেমাখন। যোৱা ১৪ অক্টোবৰত মুক্তিপ্ৰাপ্ত ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ত উপস্থিত থাকি ছবিখন চোৱাৰ সুযোগ পাইছিলো। ছবিখনৰ কাহিনী,চিত্ৰনাট্য আৰু পৰিচালনা-প্ৰবাল বৰুৱাৰ। সংলাপ লিখিছে- প্ৰযোজক বিজয় দুৱৰাই। মূখ্য চৰিত্ৰ কেইটিমানত অভিনয় কৰিছে-অৰ্ঘ্যদ্বীপ বৰুৱা,কমল লোচন,সৃজনী ভাস্ব মহন্ত(নৱাগত),অৰুণ নাথ,মৃদুলা বৰুৱা আৰু বিভূতি ভূষণ হাজৰিকাই। চৰিত্ৰ নিৰ্বাচন আৰু প্ৰচাৰৰ কাম কৰিছে-প্ৰিয়ংকা বৰুৱাই। ছবিখন বৰ্তমান অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে।
নিজৰ সম্পৰ্কে বা একান্তই আপোনজন সম্পৰ্কে কেতিয়াবা কিছু এনে চৰম সত্য থাকে,যি চিৰকাল অপ্ৰকাশ্য হৈয়েই থাকি যায়। কিছু কথা গুপুতে ৰ’লেই ভাল বুলি কোৱা হয়। তেনে কিছু গুপনীয়তা,সত্যতাক বুকুত সামৰি অসমৰ পৰা দীৰ্ঘকালৰ বাবে আতৰি থকা এজন পিতা আৰু পুত্ৰৰ দৈনিক চৰ্যাৰেই আৰম্ভণি চিনেমাৰ। আৰম্ভণি মুম্বাইৰ দৃশ্যপটত। মাতৃভূমিৰ প্ৰতি স্মৃতিকাতৰ পিতা(বিভূতি ভূষণ হাজৰিকা)ই এদিন হঠাত পুত্ৰক(প্ৰীতম-অৰ্ঘ্যদ্বীপ বৰুৱা)অসমলৈ অহাৰ ইচ্ছা ব্যক্ত কৰে। আচৰিত পুত্ৰই সকলো যো-জা চলাওতেই হঠাত পিতৃৰ সেই হেপাঁহ হেপাঁহ হৈয়েই ৰৈ যায়।
পিতাকৰ আকস্মিক মৃত্যুৰ পিছত প্ৰীতমৰ মনৰ ব্যগ্ৰতা বৃদ্ধি পাই-কিয়নো পিতাক অতকালে অসমমুখী হোৱা নাছিল,আৰু কিয় মৃত্যুৰ আগত দুৰ্বাৰ হেপাঁহ কৰিছিলে এবাৰ নিজৰ ঘৰখনলৈ যোৱাৰ!এই প্ৰশ্নবোৰ মনত লৈয়েই প্ৰীতম অসমমুখী হয়। বৰদেউতাক-বৰ্মাক(অৰুণ নাথ,মৃদুলা বৰুৱা) আৰু তেওঁলোকৰ পুত্ৰ বিপুল(কমল লোচন)থকা ঘৰখনলৈ যোৱাৰ পিছৰে পৰাই কাহিনীয়ে লাহে লাহে মূৰ সলাবলৈ আৰম্ভ কৰে। এটিৰ পিছত এটিকে প্ৰীতমৰ সমুখত অহা সাঁথৰবোৰৰ উত্তৰ বিচাৰি ফুৰা প্ৰীতমে লগ পাই শিক্ষয়িত্ৰী নন্দিতাক(সৃজনী ভাস্ব মহন্ত)। দুয়ো দুয়োকে প্ৰথম দেখাৰ মূহুৰ্তত আৱহ-সংগীতত কেতেকীৰ মাতৰ ব্যৱহাৰ অৰ্থৱহ। বিপুল আৰু নন্দিতাৰ লগত লাহে লাহে প্ৰীতম চুও-নুচুওকৈ সত্যৰ কিছু কাষ চাপিলেও বাঢ়ি অহা প্ৰতিবন্ধকে প্ৰীতমৰ অস্থিৰতা,উদ্বিগ্নতাক আৰু বৃদ্ধি কৰে। প্ৰথমাৰ্দ্ধৰ কিছুপৰ যোৱাৰ পৰা কাহিনীয়ে এক গতিশীলতা লাভ কৰে। দ্বিতীয়াৰ্দ্ধৰ কিছু অংশ পাৰ হোৱাৰ পিছত প্ৰীতমৰ চৰিত্ৰটিয়ে দৰ্শকৰ উৎকন্ঠা বৃদ্ধি কৰে।
এইখিনিতে ছবিখনত উপস্থাপন কৰা স্বতঃস্ফূৰ্ত হাস্যৰসৰ কথা ক’ব লাগিল। কমল লোচনৰ সহজ বা স্বাভাৱিক জড়তাহীন অভিনয় আৰু ব’ডী-লেংগুৱেজ(শৰীৰী ভাষা)ৰে ফুঁটাই তোলা হাস্যৰসৰ উপস্থাপন এক ভাল লগা দিশ চিনেমাখনৰ। অৰ্থাৎ হাস্যৰসক বলপূৰ্বকভাৱে উপস্থাপন কৰা হোৱা নাই। লগতেই অৰুণ বাৰ্মাৰ আলোকশিল্পৰ কামৰ প্ৰশংসা কৰিবই লাগিব। প্ৰীতম আৰু নন্দিতা কলঙত নাৱত উঠাৰ ঠিক আগৰ মুহুৰ্তৰ দৃশ্যাংশ নান্দনিক বুলিব লাগিব। উদ্বিগ্ন প্ৰীতমক দেখোৱাবৰ বাবে ল’-এংগলৰ শ্বটৰ ব্যৱহাৰ,কাহিনী বিষাদগধুৰ হৈ পৰাৰ পৰত স্তিমিত ধূঃসৰ পোহৰৰ ব্যৱহাৰ আদি উল্লেখনীয়। লগতে জ্যোতিসংগীতক সামান্য বিকৃত নকৰাকৈ কৰা ব্যৱহাৰৰ কথাও উল্লেখ কৰিব লাগিব। মূলতঃ কলাত্মক দিশৰ পৰা চাবলৈ গ’লে,সকলো দিশৰে পৰাই ছবিখনক এক সুকীয়া সৌন্দৰ্য প্ৰদান কৰা হৈছে।
প্ৰীতম আৰু নন্দিতাৰ বাঢ়ি অহা নৈকট্যকো একেই ট্ৰিটমেন্ট দিয়া হৈছে। ক্ৰমশঃ বাঢ়ি অহা কৌতূহলৰ এক অপ্ৰত্যাশিত বিস্ফোৰণ ঘটে,তৰংগ শীৰ্ষত। এইখিনিতেই কাহিনীকাৰ,পৰিচালক সফল বুলিব লাগিব। শেষৰ ভাগলৈ অপ্ৰত্যাশিত বহু সত্যৰ সন্মুখীন হোৱা প্ৰীতমৰ মনোদশা,আৰু আৱহ-সংগীতৰ সঠিক প্ৰয়োগৰে দৰ্শকক প্ৰীতমৰ আৱেগৰ সৈতে সংযুক্ত কৰি তোলে। পৰিচালক,কাহিনীকাৰে চৰিত্ৰক দিয়া সঠিক ট্ৰিটমেন্ট বুলিব লাগিব।
অভিনয়ৰ ক্ষেত্ৰত প্ৰায় সকলোৰেই অভিনয় সহজ আৰু স্বাভাৱিক বুলিব লাগিব। অৰুণ নাথ,মৃদুলা বৰুৱাৰ কথা নকৈ কোৱাৰ নিশ্চয়কৈ প্ৰয়োজন নাই। কমল লোচন এজন পৰিপক্ক,সু-অভিনেতা ৰূপে ইয়াতো নিজস্বতাৰে জিলিকি উঠিছে। প্ৰথমখন ছবি হিচাপে,সৃজনী ভাস্ব মহন্তৰ অভিনয়ো জড়তামুক্ত। পিছে আটাইতকৈ বেছি অভিনয়ৰ সুযোগ মূখ্য চৰিত্ৰত অভিনয় কৰা অৰ্ঘ্যদ্বীপ বৰুৱাৰ,আৰু এই সুযোগৰ সম্পূৰ্ণ সদব্যৱহাৰ অৰ্ঘ্যদ্বীপ বৰুৱাই কৰা দেখা গ’ল। তেওঁৰ ভাৱ-ভংগী,অভিব্যক্তি আৰু অভিনয় চিনেমাখনৰ আন এক শক্তিশালী অংশ,যিদৰে ছবিৰ মূল বাৰ্তাটি।