Mob lynching : শিৱসাগৰত দলবদ্ধ হিংস্ৰতাৰে মৰিয়াই হত্যা কৰিলে এজনক

ভয়ংকৰ ৰূপ লৈছে দলবদ্ধ মানুহৰ হিংস্ৰতাই। অজুহাত ভিন্ন হ'ব পাৰে, হিংস্ৰতা আৰু তাৰ পৰিণাম একে।

প্ৰায় এবছৰ পূৰ্বে কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰিত মানুহৰ নৃশংসতাৰ বলি হৈ অভিজিত আৰু নীলোৎপল নামৰ দুজন প্ৰতিভাশালী চফল যুৱকৰ মৃত্যু হোৱাৰ দৰে অনুৰূপ ঘটনা ঘটিছে শিৱসাগৰৰ নামতি নামৰ ঠাইডোখৰত।

শেহতীয়াকৈ ঘটনাটোৰ কিছু দৃশ্য বন্দী হোৱা ভিডিঅ’টো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত, য’ত ভুক্তভোগী যুৱকজনৰ হাত-ভৰি বান্ধি মানুহৰ এটা জুমক হাঁহি-খিকিন্দালিৰে মানুহৰ জীৱনৰ সৈতে খেলা দেখা গৈছে।

আক্ৰান্ত যুৱকজনক ঘেৰি থকা এজনক কোৱা শুনা গৈছে, “কাৰেণ্টৰ শ্বক অকণমান দি দিব লাগিছিল ইয়াক।”

দলবদ্ধ মানুহৰ বিবেকশূন্য হিংস্ৰতাৰ বলি হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হোৱা যুৱকজনৰ নাম শান্তনু বৰগোহাঁই (ঘৰত মতা নাম জিতু বৰগোহাঁই)।

শান্তনুৰ তেওঁৰ ঘৰ নাজিৰাৰ ৰজাপুলত। বয়স প্ৰায় ৩৪ বছৰ, পত্নী আৰু এটি ৭ বছৰীয়া পুত্ৰ আছে। শান্তনু মাক-দেউতাকৰ একমাত্ৰ পুত্ৰ আছিল।

শান্তনুৰ শোকাৰ্ত দেউতাকে জানিবলৈ দিয়ামতে, শান্তনুৱে যোৱা ৮ আগষ্টত যোৰহাটলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল আৰু আবেলি উভতি আহিছিল। ঘূৰি আহোতে নামতিস্থিত বায়েকৰ ঘৰত সোমাই আহে।

বায়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ উভতাৰ পথত নামতি সাপ্তাহিক বজাৰত এই অমানৱীয় বৰ্বৰতাৰ সন্মুখীন হয় শান্তনু। ঘটনাৰ সময়ত তেওঁ সুৰাসক্ত অৱস্থাত আছিল বুলি জানিব পৰা গৈছে।

কিবা হুলস্থূল কৰাৰ অভিযোগত তেওঁক একাংশ লোকে ধৰি-বান্ধি মাৰপিট কৰে। আনকি হিংস্ৰ প্ৰাণীৰ দৰে আক্ৰমণ কৰোতে মানুহবোৰে কাপোৰ-কানি পৰ্য্যন্ত খুলি পেলায় শান্তনুৰ। এই আক্ৰমণৰ দৃশ্য তেওঁলোকে ম’বাইলতো ৰেকৰ্ডিং কৰে। সেই দৃশ্যত দেখা গৈছে, শান্তনুৱে নিজৰ বান্ধি থোৱা হাত দুখন তেওঁলোকলৈ আগ বঢ়াই খুলি দিবলৈ অনুৰোধ কৰিছে, আৰু উন্মত্ত লোকসকলে তাত আমোদ পাই কিৰিলি পাৰিছে।

ঘটনাটোৱে বেয়ালৈ গতি কৰাত স্থানীয় কোনো ব্যক্তিয়ে জিতুৰ বায়েক আৰু আৰক্ষীক খবৰ দিয়াত আৰক্ষী আহি জিতুক উদ্ধাৰ কৰে। আৰক্ষীৰ পিছতে বায়েকো আহি উপস্থিত হয় আৰু শান্তনুক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়ে। কিন্তু মানুহৰ পাশৱিকতাৰ ওচৰত হাৰ মানি শান্তনুৰ চিকিৎসালয়তে মৃত্যু হয়।

শান্তনুৰ বৃদ্ধ পিতৃয়ে এই অমানৱীয় ঘটনাটোৰ উচিত তদন্ত বিচাৰছে। ইতিমধ্যে আৰক্ষীক গোচৰ দিয়া হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈকে এজনকো গ্ৰেপ্তাৰ কৰাৰ খবৰ পোৱা নাই। আনকি আৰক্ষীৰ বিৰুদ্ধে ঘটনাটোক বজাৰৰ হাটখোৱাৰ সৈতে বুজাবুজিৰে গুৰুত্বহীন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ আনিছে ভুক্তভোগীৰ পৰিয়ালে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈয়ো আৰু মুমূৰ্ষু অৱস্থাত যুৱকজনক দেখিও কাকো একো নুসুধিলে। কাকো আটক বা গ্ৰেপ্তাৰ নকৰিলে, অভিযোগ পৰিয়ালটোৰ।

মদ্যপান কৰিলেই বা কিবা ভুল-দোষ কৰিলেই এইদৰে ৰাজপথত এজন যুৱকক মৰিয়াই মৰিয়াই মাৰি পেলোৱা ঘটনাটোত শিৱসাগৰৰ সচেতন লোক লজ্জিত হৈছে।

ইপিনে মানুহৰ হাততে জীৱন হেৰুওৱা শান্তনুৰ পত্নীয়ে কান্দি কান্দি ক’লে, “মোক ইমান কম বয়সতে বিধৱা কৰিলে, যিকেইজনে মাৰিছিলে, সেইকেইজনৰ মনত অকণমানো দয়া-মমতা নাইনে?”