NORTHEAST NOW (Assamese)

সোণাৰিত উন্মত্ত ‘মৰেল পুলিচ’ৰ কবলৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে যুৱকক

August 21, 2018 6:39 pm · পাৰ্শ্বজ্যোতি গগৈ

মাজুলীত এগৰাকী মহিলাক একাংশ লোকে ৰাজহুৱাভাৱে নিৰ্যাতন চলোৱাৰ ‘ভাইৰেল ভিডিঅ’ই ৰাজ্যজুৰি সৃষ্টি কৰা প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক ‘মৰেল পুলিচগিৰিৰ’ ঘটনা।

চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত এই ঘটনাত একাংশ উন্মুক্ত লোকে এজন যুৱকক চুৰিৰ অভিযোগত ৰাজহুৱা ভাৱে মাৰপিট কৰাৰ লগতে হাত বান্ধি নিৰ্মম অত্যাচাৰ চলায়।

প্ৰাপ্ত তথ্য মতে সোণাৰি নগৰৰ চেনী গুডাম অঞ্চলৰ এখন গেলামালৰ দোকানৰ পৰা বস্তু চুৰি কৰোতেই ৰাইজে যুৱক গৰকাৰীক হাতে-লোটে কৰায়ত্ত কৰে। তাৰ পিছতেই তেওঁৰ হাত বান্ধি নিৰ্মম অত্যাচাৰ চলাই একাংশ ৰাইজে।

অৱশ্যে পিছত কোনো লোকে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তেজিত জনতাৰ ৰোষৰ পৰা যুৱকজনক উদ্ধাৰ কৰি আৰক্ষী থানালৈ লৈ যায়। ধৃত যুৱকজনৰ নাম চুমন বাউৰি (২০) বুলি জানিব পৰা গৈছে।

আনহাতে, এইদৰে আৰক্ষীক চমজাই নিদি একাংশ লোকে আইন হাতত তুলি ‘মৰেল পুলিচগিৰি’ৰ নামত যুৱকজনৰ ওপৰত অত্যচাৰ চলোৱা কাৰ্য্যক অঞ্চলটোৰ সচেতন মহলে গৰিহণা দিছে।

Related News