বনকৰা শিশুৰ গাত উতলা পানী ঢালি চৰ্চিত হোৱা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ মিতালী কোঁৱৰক নিলম্বন

বনকৰা শিশুৰ গাত উতলা পানী ঢালি ৰাজ্যজুৰি চৰ্চিত হোৱা মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষ মিতালী কোঁৱৰক ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে মঙলবাৰে নিলম্বিত কৰে।

উল্লেখ্য যে ডিব্ৰুগড়ৰ চিকিৎসক ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু তেওঁৰ পত্নী মিতালী কোঁৱৰে তেওঁলোকৰ ঘৰৰ মজিয়াত শুই থকা অৱস্থাত ১২ বছৰীয়া নাবালক বনকৰা ল’ৰাজনৰ গাত উতলা পানী ঢালি দিছিল।

দম্পতিহালৰ এনে দুষ্কাৰ্যৰ ঘটনা পোহৰলৈ অহাৰ পিছতে দুয়োজনৰ বিৰুদ্ধে ডিব্ৰুগড় থানাত 1443/20 u/s 344/326/34 IPC, R/W Sec.14 CALP Act and R/W Sec. 75 JJ ধাৰাৰ অধীনত Care and Protection of Children Act 2015ত গোচৰ ৰুজু কৰা হৈছিল।

যোৱা ৫ ছেপ্টেম্বৰত ডিব্ৰুগড় আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহায়ত ৰহাৰ পৰা এই দম্পত্তি হালক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত দম্পত্তি হালক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

ইফালে এই ঘটনাৰ পিছৰে পৰা মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাজ্যৰ বিভিন্ন লোকে অধ্যক্ষ মিতালী কোঁৱৰক অধ্যক্ষ পদৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলিও দাবী উত্থাপন হৈ আছিল।