পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে অগপৰ যুৱ পৰিষদত যোগ দিলে ২০০ৰো অধিক যুৱক-যুৱতীয়ে

সকলো সমষ্টিতে প্ৰাৰ্থী দিব অগপই : মনোজ শইকীয়া

গুৱাহাটীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত আজি অনুষ্ঠিত এক বিশেষ কাৰ্যসূচীত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদত ২০০ৰো অধিক যুৱক-যুৱতীয়ে যোগদান কৰে।

উল্লেখযোগ্য যে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰস্তুতি পূৰ্ণগতিত আৰম্ভ কৰিছে।

ইয়াৰ মাজতে আজি গুৱাহাটী আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত দলটোৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাতে পঞ্চায়ত নিৰ্বাচনত দলটোৰ যুৱ পৰিষদৰ তৰফৰ পৰা ৪০ % প্ৰাৰ্থীক প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

যুৱ পৰিষদৰ সভাপতি সুনীল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত আৰু সংগঠনটোৰ কাৰ্যকৰী সভাপতিদ্বয় তপন দাস অাৰু জিতু বৰগোহাঁই উপস্থিত থকা উক্ত সভাত তেওঁলোকে দলে পঞ্চায়তত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা সিদ্ধান্তক আদৰণি জনায়।

উল্লেখযোগ্য যে অগপ নেতা মনোজ শইকীয়াই আজি সংবাদ মাধ্যমৰ আগত অহা পঞ্চায়ত নিৰ্বাচন অগপই অকলেই খেলিব বুলি সদৰী কৰি আঞ্চলিক দলটোৱে সকলো সমষ্টিতে প্ৰাৰ্থী দিব বুলি কয়।

আজি অসম যুৱ পৰিষদত যোগদান কৰা ২০০ৰো অধিক যুৱক-যুৱতীৰ ভিতৰত বিভিন্ন কলেজৰ শিক্ষাৰ্থীৰ লগতে এন এছ য়ু আইৰ সদস্যয়ো আছে।