NORTHEAST NOW (Assamese)

নৰেন্দ্ৰ মোদীৰ শাসনত উন্নত জীৱনৰ আশা হেৰুৱাইছে ভাৰতীয় নাগৰিকসকলে! জৰীপত প্ৰকাশ তথ্য

January 30, 2025 3:32 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে দাবী কৰে যে যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত চাকৰিৰ ব্যৱস্থা কৰা হৈছে, সাধাৰণ মানুহৰ জীৱন উন্নত হৈছে, বৃহৎ আন্তঃগাঁথনি গঢ় লৈ উঠিছে, ভাৰতে বিশ্বৰ এক বেলেগ স্থানত উপনীত হৈছে। তেওঁ লগতে কয় যে ভাৰতীয়সকলৰ অৱস্থা আগৰ সময়তকৈ এতিয়া ভাল।

অৱশ্যে চি-ভোটাৰ নামৰ সংস্থা এটাৰ সমীক্ষাত অন্য এটা কথাহে কোৱা হৈছে। ভাৰতীয়সকলে কয় যে তেওঁলোক আচলতে হতাশ। আৰু মোদীৰ শাসনত তেওঁলোকৰ জীৱনৰ মান উন্নত হোৱাৰ কোনো সম্ভাৱনা তেওঁলোকে দেখা নাই। মূলতঃ দৰমহা বৃদ্ধিৰ অভাৱ আৰু দিনক দিনে সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ বাবেই তেওঁলোক হতাশ হৈ পৰিছে। আৰু এই হতাশগ্ৰস্ত লোকৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে।

চি-ভোটাৰে কয় যে, সংস্থাটোৱে বিভিন্ন ৰাজ্যৰ ৫,২৬৯ জন প্ৰাপ্তবয়স্কৰ ওপৰত এই প্ৰি-বাজেটসমীক্ষা চলাইছিল। ইয়াৰে ৩৭ শতাংশই কয় যে আগন্তুক বছৰত সাধাৰণ মানুহৰ জীৱন ধাৰণৰ মানদণ্ড আৰু অধিক হ্ৰাস পাব।

চি-ভোটাৰে প্ৰকাশ কৰা অনুসৰি ২০১৩ চনৰ পাছত প্ৰথমবাৰৰ বাবে ইমানবোৰ লোকে নিজৰ জীৱন ধাৰণৰ মানদণ্ড হ্ৰাস পোৱাৰ কথা কয়।

Related News