চোৰ নহয়, ‘মোৰ’ৰ পাল্লাত গুৱাহাটীৰ পুলিচ!

COVID-19 positive cases reach 196 in Assam Police

প্ৰতিনিধিত্বমূলক চিত্ৰ

চোৰক নহয়, এইবাৰ গুৱাহাটীৰ পুলিচক পাইছে মোৰে! গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ স্বাস্থ্য পৰীক্ষা কৰাবলৈ নিওঁতে মঙলবাৰে আৰক্ষীৰ হাতৰ পৰা পলাই যায় শিশু অপহৰণত জৰিত কেৱল মোৰে নামৰ এজন লোক।

গুৱাহাটীৰ শ্ৰী নগৰৰ কিডছ ৱেদা বিদ্যালয় এখনৰ পৰা এগৰাকী ৫ বছৰীয়া শিশুক অপহৰণৰ গোচৰত দিচপুৰ আৰক্ষীৰ জিম্মাত আছিল পলাতক মোৰে।

মোৰেক চিকিৎসালয়লৈ নিয়া দিচপুৰ থানাৰ উপ পৰিদৰ্শক জীৱন চন্দ্ৰ দেউৰী আৰু কনিষ্টবল নৱেল কিশোৰ ৰয়ক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

মোৰেৰ লগত যোৱা আনগৰাকী কনিষ্টবল অসম আৰক্ষী বেটেলিয়নৰ জোৱান ৰূপক ৰয়ৰ বৰ্খাস্তকৰণ ৩য় এপিবিএনৰ কমাণ্ডেটে কৰিব বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে গুৱাহাটীৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে।

উপ পৰিদৰ্শক জীৱন চন্দ্ৰ দেউৰীয়ে দিয়া এজাহাৰৰ ভিত্তিত ভঙাগড় আৰক্ষী চকীত এটা গোচৰ (নং ১৭০/১৮) ৰুজু কৰা হৈছে।

“ভাৰতীয় দণ্ডবিধিৰ ২২৪ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে,” জনালে ভঙাগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিপিন মেধিয়ে।

পলাতক মোৰেৰ সন্ধানৰ লগতে আৰক্ষীৰ হাতৰ পৰাই পলায়নৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।