আনলক ৩.০: ১৬ আগষ্টৰ পৰা শিথিল হ’ব বহু নিয়ম, কি সেই নিৰ্দেশনা

guwa

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অতি সতৰ্কতা অৱলম্বন কৰি ঘোষণা কৰা আনলক ৩.০ৰ নিৰ্দেশনা সমূহ ৰাজ্যত কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছিল।পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই চৰকাৰে আজি সেই নিৰ্দেশনাৰ কিছু সাল-সলনি কৰিছে। নতুন নিৰ্দেশনা ১৬ আগষ্টৰ পুৱা ৫ বজাৰ পৰা কাৰ্যকৰী হৈ ৩১ আগষ্টৰ নিশা ৯-৩০ লৈ বাহাল থাকিব।

কি আছে এই নিৰ্দেশনাত চাওঁ আহক-

পূৰ্বৰ নিৰ্দেশনাত উল্লেখিত কাৰ্যাৱলী বাহাল থাকিব আৰু সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈ পথৰ দুয়ো ফালে দোকান খুলিব পাৰিব।

সপ্তাহটোৰ  সোমবাৰ আৰু শুকুৰবাৰৰ  ভিতৰত আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব আৰু বাহনত ৫০ শতাংশ যাত্ৰী থাকিব পাৰিব।

কোভিড প্ৰটোকল মানি ৫০ শতাংশ যাত্ৰীৰে চিটি বাছ চলাব পৰা যাব।

কোভিড প্ৰটোকল মানি ৫০ শতাংশ যাত্ৰীৰে ৰাজহুৱা পৰিবহণ ব্যৱস্থা আৰম্ভ হ’ব।

নিশা ৯-৩০ৰ পৰা পুৱা ৫ বজালৈ সকলো লোকৰ যাতায়াত বন্ধ থাকিব।

ৰাজহুৱা স্থানত থু-খেকাৰ পেলোৱা,ধঁপাত সেৱন দণ্ডনীয় হ’ব।

সামাজিক,ৰাজনৈতিক,ক্ৰীড়া,মনোৰঞ্জন,শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠানত ৫০ জনত কৈ বেছি লোক উপস্থিত থাকিব নোৱাৰিব।

চিনেমা হল,পাৰ্ক,ৰাজহুৱা প্ৰেক্ষাগৃহ,ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব।

কণ্টেইনমেণ্ট জ’নত সকলো ধৰণৰ কাৰ্যাৱলী বন্ধ থাকিব আৰু ইয়াত কোনেও প্ৰৱেশ অথবা ইয়াৰ পৰা প্ৰস্থান কৰিব নোৱাৰিব।

শনি আৰু দেওবাৰে সকলো সময়তে যাতায়াত বন্ধ থাকিব।

মাস্ক পৰিধান নকৰা সকলক ১০০০ টকাৰ জৰিমনা বিহা হ’ব।