বিশ্বৰ কমেও ৫০খন দেশৰ তহবিল যিকোনো সময়তে শেষ হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বিভাগৰ মুৰব্বী আচিম ষ্টেইনাৰে শেহতীয়াকৈ এই কথা দাবী কৰিছে।
দেউলীয়া দেশৰ তালিকাত ১০৪খন দেশৰ নাম উল্লেখ কৰিছে বিশ্ব বেংকে। য’ত আৰ্থিকভাৱে পিছপৰা দেশৰ লগতে কেইবাখনো উন্নত দেশ আছে। সৌভাগ্যক্ৰমে এই তালিকাত ভাৰতৰ স্থান নাই।
২০২২ চনত শ্ৰীলংকা চৰকাৰে প্ৰথমবাৰৰ বাবে নিজকে দেউলীয়া ঘোষণা কৰিছিল। কিছুদিনৰ ভিতৰতে নেপালতো প্ৰায় একেই পৰিস্থিতিৰ সৃষ্টি হ’ল। আনকি ভাৰতৰ চুবুৰীয়া দুখন দেশ পাকিস্তান আৰু বাংলাদেশৰ অৱস্থাও বৰ নহয় বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে।
বিশ্ব বেংকৰ তালিকাত নামসমূহ হ’ল – পেৰু, টিউনিছিয়া, চুডান, লেবানন, ঘানা, কেনিয়া, আৰ্জেণ্টিনা, ইজিপ্ত আৰু তুৰ্কি।
মূলতঃ দেশ এখন দেউলীয়া হ’লে প্ৰথমে শক্তি আৰু খাদ্য সংকটৰ সৃষ্টি হয়। শ্ৰীলংকাৰ বাহিৰেও শেহতীয়াকৈ পেৰু আৰু আৰ্জেণ্টিনা দেউলীয়া হৈছে। দক্ষিণ আমেৰিকাৰ এই দুখন দেশৰ ভয়াবহ দৃশ্য সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। আনকি সাধাৰণ মানুহো খাদ্য আৰু ইন্ধনৰ বাবে হিংসাৰ লগত জড়িত হৈ পৰিছিল। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আনকি সেই দুখন দেশত গুলীচালনাও কৰিব লাগিছিল।
কিন্তু কিয় হঠাৎ আৰ্থিক সংকটত ডুব গৈ আছে পৃথিৱীৰ ইমানবোৰ দেশ? অৰ্থনীতিবিদসকলে ইয়াৰ আঁৰত চাৰিটা কাৰণ বুলি কয়। প্ৰথম কাৰণটো হ’ল বিগত কেইবছৰমানৰ পৰা চলি থকা বিশ্বৰ বিত্তীয় সংকট, যাৰ বাবে অৰ্থনীতিবিদসকলে জলবায়ু পৰিৱৰ্তন আৰু ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে দোষাৰোপ কৰে। তেওঁলোকৰ মতে জলবায়ু পৰিৱৰ্তনে কৃষিক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাইছে। যাৰ বাবে ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত খাদ্য সামগ্ৰীৰ দাম যোৱা দুবছৰ ধৰি লাহে লাহে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।
ইয়াৰ উপৰিও ৰাছিয়া আৰু ইউক্ৰেইনে সমগ্ৰ বিশ্বতে ঘেঁহু ৰপ্তানি কৰি আছিল। কিন্তু ২০২২ চনত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পিছৰে পৰা এই দুখন পূব ইউৰোপৰ দেশে ঘেঁহু ৰপ্তানি বন্ধ কৰি দিছে। ফলত এই দুখন দেশৰ ওপৰত নিৰ্ভৰশীল পশ্চিম এছিয়া আৰু আফ্ৰিকাৰ অধিকাংশ দেশতে খাদ্যৰ দাম আকাশলংঘী হৈছে।
দ্বিতীয়টো ডাঙৰ কাৰক হ’ল – ইন্ধনৰ মূল্য বৃদ্ধি। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পূৰ্বে মস্কোৱে পশ্চিম ইউৰোপৰ উন্নত দেশ যেনে ফ্ৰান্স বা জাৰ্মানীক খনিজ তেল আৰু প্ৰাকৃতিক গেছ যোগান ধৰিছিল। কিন্তু এতিয়া আমেৰিকাকে ধৰি পশ্চিম ইউৰোপে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। ফলত আমদানি বন্ধ হৈ গৈছে। আনকি ৰাছিয়াই বিশ্ব বজাৰত তেল বিক্ৰী কৰিবলৈও সক্ষম হোৱা নাই। ফলত ইন্ধনৰ মূল্য বৃদ্ধি পাইছে।
ইফালে, ২০২৩ চনৰ পৰা পশ্চিম এছিয়াত আৰম্ভ হৈছে ইজৰাইল-হামাছ যুদ্ধ। যাৰ জুইৰ শিখা ইতিমধ্যে লেবানন আৰু ইৰাণলৈ বিয়পি পৰিছে। যুদ্ধ বেছি দিন চলিলে ইন্ধনৰ দাম আৰু বাঢ়িব।
তদুপৰি ২০২০ চনত ক’ৰোনাৰ বাবে খনিজ তেলৰ যোগান শৃংখল ব্যাহত হৈ পৰে। অৰ্থনীতিবিদসকলৰ মতে, দেশত শক্তিৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে। ফলত চৰকাৰে অধিক ধন খৰচ কৰি ক্ৰয় কৰিবলৈ আৰম্ভ কৰিলে। আৰু যাৰ ফলত দেশৰ বিদেশী মজুতৰ ওপৰত হেঁচা পৰিবলৈ ধৰিলে। তাৰ পিছত দেশবোৰে ঋণ ল’বলৈ বাধ্য হ’ল। অৰ্থনীতিবিদসকলে ইয়াক দেউলীয়া হোৱাৰ তৃতীয় কাৰণ হিচাপে চিনাক্ত কৰিছে।
বিশ্য বেংকে জনাইছে যে বিশ্বৰ ১৪৮খন দেশৰ ভিতৰত ১৩৫খন দেশ বৰ্তমান ঋণৰ বোজাত আছে। ইয়াৰে ৩৯খন দেশে তিনিগুণতকৈ অধিক ঋণ লৈছে। ইয়াৰে ২০খন দেশ কেতিয়াও ঋণ পৰিশোধ কৰিব নোৱাৰিব বুলি বিশ্ব বেংকে প্ৰকাশ কৰিছে।
বিশেষজ্ঞসকলে দেশৰ দেউলীয়া হোৱাৰ শেহতীয়া কাৰণ হিচাপে দোষাৰোপ কৰিছে ডলাৰৰ মুদ্ৰাস্ফীতি। আৰ্জেণ্টিনাত ই ৬২ শতাংশ। তুৰস্কত ৭০ শতাংশ। যদিহে মুদ্ৰাস্ফীতিৰ হাৰ সাত শতাংশ বা তাতকৈ অধিক হয় তেন্তে দেশ সংকটত পৰিছে।
অৱশ্যে দেউলীয়া দেশৰ তালিকাত ভাৰত নাই। কিন্তু বিশ্লেষকসকলৰ মতে, দেশৰ ৰাজ্যসমূহত যি হাৰত ঋণ বৃদ্ধি পাইছে সেয়া চিন্তাৰ বিষয়। এই গতিত ঋণ লোৱাতো অব্যাহত থাকিলে দেশখন দেউলীয়া হোৱাৰ দিশত আগবাঢ়িব।