সোমবাৰে নিজৰ সন্তান আৰু পৰিয়ালৰ সদস্যৰ সৈতে বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল প্ৰায় ৩০০ গৰাকী লোক। উত্তৰ নাইজেৰিয়াৰ নাইজাৰৰ পৰা কোৱাৰা ৰাজ্যৰ দিশে আহিছিল এই বিশাল যাত্ৰীবাহী জাহাজখন।
কিন্তু, ৰাজধানী ইলোৰিনৰ পৰা প্ৰায় ১৬০ কিলোমিটাৰ দূৰত্বত থকা কাৱাৰা ৰাজ্যৰ পাটেগী জিলাৰ নাইজাৰ নদীত হঠাতে জাহাজখন বাগৰি পৰে। এই মৰ্মান্তিক দুৰ্ঘটনাৰ ফলত এশৰো অধিক লোকৰ মৃত্যু হয়।
কোৱৰা ৰাজ্যিক আৰক্ষী বিভাগে প্ৰকাশ কৰা অনুসৰি জাহাজখন ডুবি যোৱাৰ পিছত এতিয়ালৈকে প্ৰায় ১০০ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও বহু শিশুকে ধৰি প্ৰায় ১০৩ জন লোকৰ মৃত্যু হৈছে।
স্থানীয় অঞ্চলৰ মুৰব্বী আব্দুল গনা লুকপাডাই জনোৱা মতে, ডুব যোৱাসকলৰ অধিকাংশই একেলগে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰু গভীৰ নিশালৈকে আনন্দ কৰিছিল।
যদিও তেওঁলোক সকলোৱে বিয়ালৈ যাওঁতে মটৰ চাইকেলেৰে গৈছিল, কিন্তু উভতি অহাৰ পথত ইমানেই বৰষুণ দি আছিল যে মটৰ চাইকেলেৰে উভতি আহিব পৰা নাছিল। ইয়াৰ পিছত তেওঁলোকে জাহাজেৰে অহাৰ সিদ্ধান্ত ল’লে।
আব্দুল গনা লুকপাডাই কয়, ‘জাহাজখনত ৩০০ৰো অধিক যাত্ৰী অহাৰ বাবে ‘অভাৰলোড’ হৈছিল।
ফলত জাহাজখনে এটা ঢিপত খুন্দা মাৰে। ইয়াৰ প্ৰভাৱ ইমানেই প্ৰবল আছিল যে নাওখন প্ৰায় দুটা ভাগত বিভক্ত হৈ পৰিছিল।
এই মৰ্মান্তিক ঘটনাৰ পিছতে কোৱাৰা ৰাজ্যপালৰ কাৰ্যালয়ে শোক প্ৰকাশ কৰিছে।
জানিব পৰা মতে সেই জাহাজখনত ইবু, জাকান, কাপাডা, কুচালু আৰু চাম্পি অঞ্চলৰ মানুহ আছিল। এই সকলোবোৰ ঠাই পাটিগী জিলাত অৱস্থিত।