NORTHEAST NOW (Assamese)

শিৱসাগৰত বিজেপিত যোগ দিলে দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে

July 13, 2019 8:55 pm · পার্শ্বজোতি গগৈ
ফটো : নৰ্থ-ইষ্ট নাও

শিৱসাগৰ জিলাৰ বেতবাৰীত আজি দুই শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে বিজেপি দলত যোগদান কৰে। বেতবাৰী গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ গেলাবিল অঞ্চলত বিজেপিৰ বুথ সভাপতি দিলীপ বড়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন যোগদান সভাত জিলা সভানেত্ৰী সুৰভী ৰাজকুৱঁৰী নতুন কৰ্মীসকলক দলটোলৈ আদৰণি জনায়।

ভাষণ প্ৰসঙ্গত ৰাজকুৱঁৰীয়ে ভাৰত তথা অসমৰ উন্নয়নৰ বাবে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একেলগে কাম কৰি বিজেপিক অধিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাই কয়, ‘কংগ্ৰেছে সংখ্যালঘু লোকসকলক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰিলে আৰু সংখ্যালঘু লোকৰ উন্নয়নৰ বাবে অহা ধন শৰাধ কৰি কংগ্ৰেছৰ নেতা সকলে অজস্ৰ সম্পত্তি  গঢ়িলে।‘

সভাত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ জিলা সভাপতি নুৰুল ইছলাম আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ সদস্য আব্দুল ৰেজিবে কয়, ‘খিলঞ্জীয়া সংখ্যালঘু ৰাইজৰ উন্নয়নৰ বাবে বিজেপিৰ বিকল্প নাই’।

কংগ্ৰেছ চৰকাৰে ৬০ বছৰে খিলঞ্জীয়া সংখ্যালঘু লোকসকলক প্ৰতাৰণা কৰি অহা বুলি উল্লেখ কৰি নেতা দুজনে কংগ্ৰেছক অবৈধ সন্দেহজনক বাংলাদেশীৰ ৰক্ষক আখ্যা দিয়াৰ বিপৰীতে বিজেপিৰ শাসনকালত খিলঞ্জীয়া সংখ্যালঘু লোকসকল সুৰক্ষিত বুলি মন্তব্য কৰি প্ৰতিঘৰ খিলঞ্জীয়া সংখ্যালঘুক বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

দিচাংঘাট যুৱ সংঘৰ হবিবুদ্দিন হাজৰিকা(মুনু), মৃদুল আলি আৰু হাফিজুদ্দিন আহমেদৰ উদ্যোগত ২ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ লোকে যোগদান কৰা উক্ত সভাত বিজেপিৰ গেলাবিল বুথ সমিতিৰ সভাপতি বাবুল হাজৰিকাই আঁত ধৰাৰ লগতে দলটোৰ বহু কেইগৰাকী স্থানীয় নেতাই অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে যোৱা ৬ জুলাইত জিলা বিজেপি কাৰ্যালয়ত শিৱসাগৰ বিধানসভা সমষ্টিৰ ৫ শতাধিক লোকে বিজেপিত যোগদান কৰিছিল।

Related News