বছৰৰ পহিলা দিনটোত বিশ্বত ৩,৭১,৫০৪ টা শিশুৱে জন্মলাভ কৰিব, ভাৰত তালিকাৰ শীৰ্ষত

প্ৰতিদিনে পৃথিৱীত লাখ লাখ শিশুৰ জন্ম হৈ আহিছে।

য়ুনিচেফৰ তথ্য অনুসৰি ২০২১ বৰ্ষৰ ১ জানুৱাৰিত সমগ্ৰ বিশ্বত মুঠ ৩,৭১,৫০৪ গৰাকী শিশুৱে জন্মলাভ কৰিব।

আনহাতে, সমগ্ৰ বিশ্বৰ ভিতৰত ভাৰতত নৱ বৰ্ষৰ পহিলা দিনটোত সৰ্বাধিক শিশুৰ জন্ম হ’ব।

ভাৰতৰ পাছত ক্ৰমে চীন, নাইজেৰিয়া, পাকিস্তানত বেছি সংখ্যক শিশুৱে জন্মগ্ৰহণ কৰিব।

ভাৰতত ১ জানুৱাৰিত ৫৯৯৯৫ টা শিশু, চীনত ৩৫,৬১৫ টা শিশু,  নাইজেৰিয়াত ২১৪৩৯ টা শিশু, পাকিস্তানত ১৪,১৬১ টা শিশু, ইণ্ডোনেছিয়াত ১২,৩৩৬ টা শিশু, উইথোপিয়াত ১২০০৬ টা শিশু, আমেৰিকা যুক্তাৰাষ্ট্ৰত ১০,৩১২ টা শিশু, ইজিপ্তত ৯৪৫৫ টা শিশু আৰু বাংলাদেশত ৯২৩৬ টা শিশুৱে জন্মগ্ৰহণ কৰিব।

ফিজিত নতুন বৰ্ষৰ প্ৰথমটো শিশুৱে জন্ম লাভ কৰে বুলি উইনিচেফে তথ্যত প্ৰকাশ কৰে।

উইনিচেফৰ তৰফৰ পৰা নতুনকৈ জন্মলাভ কৰা শিশুসকলক স্বাগতম জনাই বিশ্বৰ নাগৰিক সকলক এইসকল শিশুৰ বাবে ভবিষ্যতৰ পৃথিৱীখন সুন্দৰ কৰি ৰখাৰ বাবে আহ্বান জনায়।