য়েমেনৰ উপকূলীয় অঞ্চলত প্ৰতিকূল বতৰৰ বাবে এখন নাও ডুব যোৱাত ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ মৃত্যু হৈছে। নাওখনত প্ৰায় ১৫০ জন লোক আছিল বুলি জানিব পৰা গৈছে।
স্থানীয় বিষয়াসকলৰ মতে, য়েমেনৰ দক্ষিণ প্ৰদেশ আবিয়ানৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।
অবিয়ান নিৰাপত্তা সঞ্চালকালয়ে এক বিবৃতিত কয় যে উপকূলৰ এক বৃহৎ অংশৰ পৰা কেইবাটাও মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ অভিযান অব্যাহত আছে।
আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থা (আই অ’ এম)ৰ মতে, মৃত্যু হোৱা লোকসকলৰ অধিকাংশই ইথিওপিয়াৰ নাগৰিক। আই অ’ এমৰ এই ঘটনাক ‘হৃদয়বিদাৰক’ বুলি অভিহিত কৰিছে।
উল্লেখ্য যে আফ্ৰিকাৰ পৰা উপসাগৰীয় দেশসমূহলৈ যাত্ৰা কৰা প্ৰব্ৰজনকাৰীসকলৰ বাবে য়েমেন এক প্ৰধান পথ।
আই অ’ এমৰ অনুমান অনুসৰি যোৱা কেইমাহমানত সামুদ্ৰিক দুৰ্ঘটনাত শ শ প্ৰব্ৰজনকাৰীৰ মৃত্যু হৈছে বা নিৰুদ্দেশ হৈছে।