NORTHEAST NOW (Assamese)

যোৱা ২৪ ঘণ্টাত ভাৰতৰ ৬০,৯৭৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত, ৮৪৮ গৰাকীৰ মৃত্যু

August 25, 2020 10:52 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰ’না ভাইৰাছৰ সংহাৰ। যোৱা কিছু দিনৰ পৰা দৈনিক ৫০-৬০ হাজাৰৰো অধিক লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে সকলোকে উদ্বিগ্ন কৰি তুলিছে।

আজি স্বাস্থ্য মন্ত্ৰ্যালয়ে জানিব দিয়া মতে, ভাৰতত বিগত ২৪ ঘণ্টাত ৬০,৯৭৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৮৪৮ গৰাকী ৰোগী।

দেশত এতিয়া ক’ৰ’না আক্ৰান্ত ৰোগীৰ মুঠ সংখ্যা ৩১,৬৭,৩২৪ গৰাকী হোৱাৰ বিপৰীতে ৫৮,৩৯০ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

উল্লেখ্য যে দেশত এতিয়া ৭,০৪,৩৪৮ গৰাকী ৰোগী চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৪,০৪,৫৮৫ গৰাকী ৰোগী ক’ৰ’না মুক্ত হৈছে।

ক’ৰ’নাৰ সংহাৰ হ্ৰাস নাপালেও ভাৰতৰ বাবে এটাই সুখবৰ যে ক’ৰ’নাৰ চিকিৎসা চলি থকা ৰোগীৰ সংখ্যাতকৈ ক’ৰ’না মুক্তৰ সংখ্যা অধিক।

উল্লেখ্য যে দক্ষিণ ভাৰতৰ ৰাজ্য কেইখনত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ক’ৰ’নাৰ সংহাৰ। অন্ধ্ৰপ্ৰদেশত এই পৰ্যন্ত ৩,৫ লাখ অতিক্ৰম কৰিছে ক’ৰ’না আক্ৰান্তৰ সংখ্যা।

Related News