অশান্ত ম্যানমাৰত যোৱা দুদিনত সেনাই হত্যা কৰিলে ২৩ গৰাকী প্ৰতিবাদকাৰীক

a bb

অশান্ত ম্যানমাৰ আজিও শান্ত হোৱা নাই। বিশ্ব সম্প্ৰদায়ৰ আহ্বানৰ পিছতো ম্যানমাৰত জুণ্টা প্ৰশাসনে নিৰীহক হত্যা কৰা বন্ধ কৰা নাই। জুণ্টা প্ৰশাসনে দেশ খনৰ বছা বছা মডেল, সাহিত্যিক, শিল্পী আদিকো সেনাৰ শাসনৰ বিৰোধিতা কৰাৰ বাবেই কাৰাগাৰলৈ নিক্ষেপ কৰিছে।

যোৱা দুদিনত সেনাই জুণ্টৰ বিৰদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰা ২৩ গৰাকী প্ৰতিবাদী লোকক গুলীয়াই হত্যা কৰিছে।

এতিয়ালৈকে ম্যানমাৰত সেনাৰ গুলীত নিহত প্ৰতিবাদকাৰীৰ সংখ্যাই ৬০০ ঘৰ পাৰ কৰি গৈছে।

কিছুদিন পূৰ্বে ম্যানমাৰৰ জুণ্টাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ হেৰুৱালইছিল ৫ প্ৰতিবাদকাৰীয়ে।

শনিবাৰে সামৰিক শাসকৰ বিৰুদ্ধে দেশ খনৰ বাগো আৰু খাটো নামৰ অঞ্চল দুটাত সমবেত হোৱা প্ৰতিবাদকাৰীৰ ওপৰত সেনাই নিৰ্বিচাৰে গুলীচলনা কৰে। ফলত পাঁচ জন প্ৰতিবাদকাৰীৰ থিতাতে মৃত্যু ঘটে। এই ঘটনাই সমগ্ৰ দেশ খনতে পুনৰ উত্তেজনা বঢ়াই তুলিছে।

উল্লেখ্য ১ ফেব্ৰুৱাৰিত সামৰিক অভ্যুত্থানৰ যোগেদি গণতান্ত্ৰিক চৰকাৰক ক্ষমতাচ্যুত কৰি জুণ্টা শাসন হস্তগত কৰাৰ দিনাৰ পৰাই সমগ্ৰ ম্যানমাৰ উত্তাল হৈ আছে।

ম্যানমাৰৰ জনতাই সামৰিক বাহিনীৰ ৰঙা চকুলৈ কেৰেপ নকৰি দক্ষিণ পূৱ এছিয়াৰ পাহাৰীয়া দেশখনত পুনৰ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ দাবীত যোৱা দুমাহে নিৰন্তৰ প্ৰতিবাদ অব্যাহত ৰাখিছে।

৬০০ ৰো অধিক নিৰস্ত্ৰ প্ৰতিবাদকাৰী সেনাৰ গুলীত নিহত হোৱাৰ পিছতো দেশখনৰ জনতা থমকি ৰোৱা নাই।

থাইলেণ্ডৰ সীমান্ত অঞ্চলত কাৰেন বিদ্ৰোহী সংগঠনৰ ওপৰত ম্যানমাৰ সেনাই বায়ু সেনাৰ বিমানেৰে আক্ৰমণ সংঘটিত কৰাৰ পিছত প্ৰায় ৩০০০ হাজাৰ লোক থাইলেণ্ডলৈ পলায়ন কৰিছে।

ইপিনে সেনাৰ বিৰুদ্ধে এতিয়া প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিছে দেশ খনৰ বিদ্ৰোহী সংগঠনে। ফলত শলঠেকত পৰিছে জুণ্টা প্ৰশাসন।