NORTHEAST NOW (Assamese)

উত্তৰ অভয়াপুৰী সমষ্টিত ১৬০ গৰাকী কংগ্ৰেছ, এআইযুউডিএফৰ কৰ্মীৰ অগপত যোগদান

November 2, 2020 1:43 pm · ইয়াছিন আলী
ফটো: নৰ্থইষ্ট নাও

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে বিভিন্ন দল তথা দলীয় কৰ্মীসকল তৎপৰ হৈ পৰিছে।

ইয়াৰ মাজতে বিধায়কৰ প্ৰতি আস্থা হেৰুৱাই কংগ্ৰেছ-এআইয়উডিএফৰ কৰ্মী তথা সাধাৰণ ৰাইজে অগপ দলত যোগদান কৰাৰ দৰে ঘটনা ঘটিছে।

এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ভাণ্ডাৰা গাঁও পঞ্চায়তো।

ভাণ্ডাৰা গাঁও পঞ্চায়তৰ দুই নং ভাণ্ডাৰাত কংগ্ৰেছ-এআইয়ুডিএফৰ পৰা প্ৰায় ১৬০ গৰাকী পুৰুষ-মহিলা আনুষ্ঠানিকভাৱে অগপ দলত যোগদান কৰে।

আব্দুল আমিনৰ সভাপত্বিত আৰু প্ৰাক্তন বিধায়ক ভুপেন ৰায়ৰ উপস্থিতত এই যোগদান কাৰ্য্যসুচী অনুষ্ঠিত হয়।

সভাত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ভুপেন ৰায়, ভাণ্ডাৰা গাওঁ পঞ্চায়তৰ সভাপতি জুৰান আলী আহমেদ, শক্তি কমিটিৰ সম্পাদক প্ৰফুল্ল ৰায়, মাণিকপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য ছাইদুল ইছলামৰ লগতে উপস্থিত থাকে অগপৰ দলৰ কেইবাজনো বিষয় ববীয়া।

নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত এইদৰে আন দলৰ পৰা অগপত যোগদান কৰা কাৰ্য্যই স্বাভাৱিকতে তাৎপৰ্য বহন কৰিছে।

Related News