নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

আজি ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত নাগ্ৰীজুলিত নাগ্ৰীজুলি মণ্ডল বিজেপিৰ কাৰ্যালয়ত বিজেপি দলৰ এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।

বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহালৰ সভাপতিত্বত অনুষ্ঠিত সভাত তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰী আৰু বিজেপিৰ ২৭ নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ন দাসৰ  উপস্থিতিত বিপিএফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ পৰা অহা পাঁচ শতাধিক লোকে আজি বিজেপি দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।

আজিৰ যোগদান সভাত  তামুলপুৰ জিলা বিপিএফৰ সংখ্যালঘু কোষৰ প্ৰাক্তন সভাপতি আলাউদ্দিন আহমেদৰ নেতৃত্বত তিনি শতাধিক বিপিএফ নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰাৰ উপৰিও গণ সুৰক্ষা পাৰ্টি আৰু অন্যান্য দলৰ পৰা অহা মুঠ পাঁচশ বাৰ গৰাকী পুৰুষ-মহিলাই বিজেপি দলত যোগদান কৰি গেৰুৱা বসন পৰিধান কৰে।

সভাৰ অন্তত যোগদান কাৰ্যসূচী সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰি তামুলপুৰৰ বিধায়ক ইমানুৱেল মোছাহাৰীয়ে কয়- ” বিজেপিত যোগদান কৰা কাৰ্যসূচী নিৰন্তৰ ভাৱে চলি আছে। বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে তামুলপুৰ বিধান সভা সমষ্টিত মুঠ আশী হাজাৰ লোকৰ যোগদান সম্পূৰ্ণ হ’ব। আশী হাজাৰ হবলৈ আৰু  সাত-আঠ হাজাৰ বাকী আছে আৰু অতি সোনকালে এইখিনি কাম সম্পন্ন হব।”

তেওঁ পুনৰ কয়- ‘‘অসমৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে আৰু ৰাজ্যত সৰ্বানন্দ সোণোৱাল চৰকাৰে গ্ৰহণ কৰা আঁচনিয়ে ৰাইজৰ উপকাৰ সাধন কৰিছে আৰু তাৰ বাবেই আজি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোক বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈছে আৰু আজিৰ যোগদান কাৰ্যসূচীয়ে এই কথা প্ৰমাণ কৰিছ।’’

বিপিএফৰ সংখ্যালঘু কোষৰ তামুলপুৰ জিলাৰ সভাপতি আলাউদ্দিন আহমেদে বিজেপি দলত যোগদান কৰি কয়- ‘‘বিপিএফ দলে সকলো শ্ৰেণীৰ ৰাইজৰ আশা আৰু আকাংক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে। কিন্তু বিজেপি দলে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক আঁকোৱালি লৈ সকলো স্তৰৰ ৰাইজৰ  উন্নয়নৰ স্বাৰ্থত  কাম কৰি আহিছে। সেয়ে মই নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দলৰ প্ৰতি আকৰ্ষিত হৈছো আৰু আজি মোৰ লগতে বিপিএফ দলৰ পৰা অহা প্ৰায় তিনি শতাধিক লোকে বিজেপি দলত যোগদান কৰিছে।’’

নাগ্ৰীজুলি মণ্ডল বিজেপিৰ সভাপতি ৰাম বাস্তলাই আঁত ধৰা সভাত বাক্সা জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাজেশ বড়ো, যুৱ বিজেপি নেতা ভজন দাস, খগেন দাস, ৰঞ্জিত সৰকাৰৰ উপৰিও ভালে সংখ্যক বিজেপি নেতা-কৰ্মী উপস্থিত থাকে।