মৰিগাঁৱত এন আৰ চিৰ কামত নিয়োজিত বাংলাদেশী নাগৰিক খাইৰুল ইছলামক কামৰ পৰা অব্যাহতি

bangladeshi_28

বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায়দান কৰা মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত কলমৌবাৰী গাঁও পঞ্চায়তত এন আৰ চিৰ কামত নিয়োজিত হৈ থকা ঠেংশালিভৰি খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক খাইৰুল ইছলামক শনিবাৰে জিলা উপায়ুক্ত হেমেন দাসে এন আৰ চিৰ কামৰ পৰা অব্যাহতি দিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত উপায়ুক্ত দাসে কয় যে খাইৰুল ইছলামৰ বিষয়টো যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে আৰু তেওঁ যিহেতু এগৰাকী চৰকাৰী শিক্ষক সেয়ে এই বিষয়টো অতিকৈ স্পৰ্শকাতৰ। সেয়ে প্ৰশাসনিক ব্যৱস্থা হিচাপে তেওঁক এন আৰ চিৰ কৰ্মৰ পৰা অব্যাহতি দিয়া হৈছে।

জানিব পৰা মতে, অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ দলিল স্বৰূপ এন আৰ চি উন্নীতকৰণৰ কামত এজন বাংলাদেশী নাগৰিক নিয়োজিত হৈ থকাৰ তথ্য সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত মৰিগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

উল্লেখযোগ্য যে খাইৰুল ইছলাম প্ৰকৃততে যে এজন বাংলাদেশী নাগৰিক সেই বিষয়ে শনিবাৰে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অকল খাইৰুল ইছলামেই নহয়, তেওঁৰ মাতৃ মনোৱাৰা বেগম, দুই ভাতৃ ক্ৰমে আছাদুৰ ইছলাম, চিৰাদুল ইছলাম আৰু ভগ্নী ফৰিদা বেগমক ২০১৫ চনৰ ২০ ফেব্ৰুৱাৰিত মৰিগাঁও ৩নং বিদেশী ন্যায়াধিকৰণে ৪০/১৫নং গোচৰৰ ভিত্তিত বিদেশী বুলি ৰায়দান কৰিছিল।

আনহাতে, মৰিগাঁও বিদেশী ন্যায়াধিকৰণৰ ৰায়ক প্ৰত্যাহ্বান জনাই খাইৰুল ইছলাম আৰু তেওঁৰ পৰিয়ালে ২০১৬ চনৰ ১৮ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰীট আৱেদন দাখিল কৰে। বৰ্তমান খাইৰুল ইছলামৰ পৰিয়ালটো জামিনত আছে।

ইপিনে উচ্চতম ন্যায়ালয়ে এন আৰ চিৰ পূৰ্ণাংগ খচৰাত বিদেশী গোচৰত অভিযুক্ত, বিদেশী ঘোষিত ব্যক্তি, ডি ভোটাৰৰ নাম কোনো কাৰণতেই অন্তৰ্ভুক্ত নহ’ব বুলি কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ সময়ত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ত বিদেশী গোচৰত বিচাৰাধীন অভিযুক্ত খাইৰুল ইছলাম এন আৰ চি প্ৰস্তুতৰ কামত নিয়োজিত হোৱা তথ্যই খিলঞ্জীয়া লোকসকলক চিন্তিত কৰি তুলিছে।

আনহাতে, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিয়ে এন আৰ চিৰ কৰ্মত নিয়োজিত হৈ থকা আন ব্যক্তিসকলকো জিলা প্ৰশাসনে পুনৰীক্ষণৰ জৰিয়তে এন আৰ চি কৰ্মত নিয়োজিত কৰিবলৈ দাবী উত্থাপন কৰিছে।