২০২১ৰ নিৰ্বাচন : ৪,৪৭,২৬১ গৰাকী ভোটাৰে ৯০২ টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব মৰিগাঁৱত

index.jpgb

ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২৬ ফেব্ৰুৱাৰিত পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন  ঘোষণা কৰাৰ লগে লগে নিৰ্বাচন জিলা প্ৰশাসনসমূহ যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী কাম কাজত ব্যস্ত হৈ পৰিছে।

এই দিশত মৰিগাঁও জিলাতো নিৰ্বাচনৰ প্ৰস্তুতি তুংগত উঠিছে। দেওবাৰে নিৰ্বাচন সন্দৰ্ভত মৰিগাঁও জিলা উপায়ুক্ত লীনা দাসে এক সংবাদ মেল আয়োজন কৰি সাংবাদিকসকলক সম্বোধন কৰে।

সংবাদমেলত মৰিগাঁও জিলাত অহা ১ এপ্ৰিল তাৰিখে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ সন্দৰ্ভত উপায়ুক্ত তথা জিলা নিপৰ্বাচন  বিষয়াগৰাকীয়ে বিতং তথ্য দাঙি ধৰে।

উল্লেখ্য যে  মৰিগাঁও জিলাৰ তিনিটা সমষ্টিৰ ৭৯ নং জাগীৰোড (অনুসূচিত জাতি) বিধানসভা সমষ্টিত ৩১৬ টা ভোট কেন্দ্ৰ, ৪১ টা অতিৰিক্ত ভোট কেন্দ্ৰ,  ৮০ নং মৰিগাঁও বিধানসভা সমষ্টিত ২৫৬ টা ভোট কেন্দ্ৰ, অতিৰিক্ত ভোট কেন্দ্ৰ ২৯ টা আৰু ৮১ নং লাহৰীঘাট বিধানসভা সমষ্টিত ২৪০ টা ভোট কেন্দ্ৰ আৰু অতিৰিক্ত ভোট কেন্দ্ৰসহ ২০ টা মুঠ ৯০২ টা ভোট কেন্দ্ৰ আছে।

সেই অনুসৰি জাগীৰোড বিধানসভা সমষ্টিত মুঠ ২,৩৭,৪৫৭ গৰাকী ভোটাৰৰ ভিতৰত  ১,২০,২১৯ গৰাকী পুৰুষ ভোটাৰ, ১,১৭,২২০ গৰাকী মহিলা ভোটাৰ আৰু ১৮ গৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে।

মৰিগাঁও বিধান সভা সমষ্টিত মুঠ ১,৯১,০৪৮ গৰাকী ভোটাৰৰ ভিতৰত ৯৪,৭২৫ গৰাকী পুৰুষ ভোটাৰ, ৯৬,৩১৩ গৰাকী মহিলা ভোটাৰ আৰু তৃতীয় লিঙ্গৰ ১০ গৰাকী ভোটাৰ আছে প্ৰকাশ কৰিচে জিলা নিৰ্বাচন বিষয়াগৰাকীয়ে।

লাহৰীঘাট বিধানসভা সমষ্টিত মুঠ ১,৮৫,৭৫৬ গৰাকী ভোটাৰৰ ভিতৰত  ৯৬,৩৫৬ পুৰুষ ভোটাৰ ৮৯,৩৮৬ মহিলা ভোটাৰ আৰু তৃতীয় লিঙ্গৰ ১৪ গৰাকী ভোটাৰক লৈ জিলা খনত সৰ্বমুঠ ৬,১৪,২৬১ গৰাকী ভোটাৰ আছে।

আনহাতে ডাক যোগে ভোট দানৰ সুবিধা দিয়াৰ বাবে চিনাক্ত কৰা হৈছে। সেই অনুসৰি জাগীৰোড বিধানসভা সমষ্টিত ১১১৩ গৰাকী বিশেষভাৱে সক্ষম, ১০৮ গৰাকী দৃষ্টিহীন আৰু আশীৰ উৰ্দ্ধৰ ১৪৭৭ গৰাকী ভোটাৰ আছে।

মৰিগাঁও বিধান সভা সমষ্টিত ৮৩৫ গৰাকী বিশেষ ভাৱে সক্ষম, ২৩৬ গৰাকী দৃষ্টিহীন আৰু ১০৫৪ গৰাকী আশীৰ উৰ্দ্ধৰ ভোটাৰ আছে।

তেনেদৰে লাহৰীঘাট বিধানসভা সমষ্টি ১০০৮ গৰাকী বিশেষ ভাৱে সক্ষম,১৬৯ গৰাকী দৃষ্টিহীন ব্যক্তি আৰু ১৫৩৫ গৰাকী আশীৰ উৰ্দ্ধৰসহ মুঠ ৭৫৩৫ গৰাকী ভোটাৰ আছে।

এই বিতং তথ্য দাঙি ধৰি উপায়ুক্তগৰাকীয়ে সাংবাদিকসকলক নিৰ্বাচনৰ সময়ত সম্পূৰ্ণ সহযোগ কৰিবলৈ আহ্বান আৰু ক’ভিড প্ৰ’টকল সমূহ মানি চলিবলৈ অনুৰোধ জনায়।

সংবাদ মেলত অতিৰিক্ত উপায়ুক্ত  অজিত কুমাৰ শৰ্মা, নিৰ্বাচনী বিষয়া দীপময় ঠাকুৰীয়া জিলা তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত আছিল।