NORTHEAST NOW (Assamese)

তিৱা স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি মৰিগাঁও জিলা প্ৰশাসনৰ সংবাদ মেল

November 20, 2020 5:28 pm · এন ই নাও নিউজ
জিলা উপায়ুক্ত লীনা দাস

সমাগত তিৱা স্বায়ত্ত পৰিষদৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি জিলা প্ৰশাসনে আজি এখন সংবাদ মেল আয়োজন কৰে।

স্বায়ত্ত পৰিষদ এলেকাৰ সাংবাদিকক লৈ অনুষ্ঠিত কৰা সংবাদমেলত সমষ্টি ভিত্তিক সংৰক্ষণআৰু সংৰক্ষণমুক্ত সমষ্টিসমূহৰ বিৱৰণ দাঙি ধৰে ।

সমষ্টি ভিত্তিক পুৰুষ মহিলাৰ ভোটাৰৰ সংখ্যা প্ৰকাশ কৰে জিলা উপায়ুক্ত লীনা দাসে ।

সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সংশোধিত ভোটাৰ তালিকাৰ সন্দৰ্ভত উপায়ুক্তগৰাকীয়ে কয় যে জিলা নিৰ্বাচনী বিষয়াই এই সংক্ৰান্তত বিহীত ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে নিৰ্বাচন কেন্দ্ৰসমূহত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নোহোৱাকৈ কোভিড স্বাস্থ্য বিধি মানি নিৰ্বাচন সম্পন্ন কৰিবলৈ সাজু বুলি জানিব পৰা গৈছে ।

সংবাদ মেলত উপস্থিত থাকে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু,এডিচি ৰুমি বৰুৱা,এডিছি অজিত শৰ্মা,তথ্য আৰু জনসংযোগ বিষয়া সুনীতি নাৰ্জাৰীকে ধৰি কেইবাগৰাকী প্ৰশাসনীক বিষয়া উপস্থিত থাকে ।

Related News