মৰিগাঁও আন্ত: বিদ্যালয় ১৫ বছৰ অনুৰ্ধ দবাত পীয়ূষ – প্ৰাপ্তিবৰ্ণাৰ খিতাপ

মৰিগাঁও জিলা আন্ত: বিদ্যালয় দবাত মৰিগাঁও মজলীয়া বিদ্যালয়ৰ পিয়ূষ প্ৰতীম মছৰং আৰু সংস্কৃতি বিদ্যাপীঠ, বঘৰাৰ প্ৰাপ্তিবৰ্ণা ঠাকুৰীয়া ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ খিতাপ দখল কৰে ।

দুয়োগৰাকী দবাৰুৱে ছয় খন খেলৰ আটাই কেইখনতে ছয় পইণ্ট সংগ্ৰহ কৰে । আনহাতে ল’ৰা শাখাত শীৰ্ষ ছয়টা স্থান লাভ কৰা আন পাঁচ গৰাকী দবাৰু হ’ল ক্ৰমে শংকৰদেৱ বিদ্যা নিকেতনৰ কৌস্তভ গগৈ , বিদ্যাপীঠ বঘৰা শংকৰদেৱ বিদ্যানিকেতনৰ হিমাংক শৰ্মা কুশতলি শ্ৰীমন্ত শংকৰদেৱ ঈশান প্ৰতীম ডেকা ,শংকৰদেব শিশু নিকেতন , মৰিগাঁৱৰ দেবাশিষ বৰুৱা আৰু শংকৰদেৱ বিদ্যানিকেতন ,চৰািবাহীৰঅনুৰাগ নাথে মুঠ পাঁচ পইণ্টকৈ লাভ কৰে। সেইদৰে ছোবালী শাখাত ছয়টা শীৰ্ষ স্হানৰ আন পাঁচ গৰাকী দবাৰু হ’ল ক্ৰমে শংকৰদেৱ বিদ্যানিকেতন , চৰাইবাহীৰ প্ৰজ্ঞাশ্ৰী দেৱী , ( ৫ পইণ্ট) ,চেণ্ট থেৰেছা ,মৰিগাঁৱৰ চয়ানিকা বুঢ়াগোহাঁই ( ৪.৫ ) ,শংকৰদেৱ বিদ্যানিকেতন , চৰাইবাহীৰ শিখাজ্যোতি ৰঙহাঙ (৪), নবোদয় জাতীয় বিদ্যালয় কৃষ্টি দাস ( ৪) আৰু মৰিগাঁও মজলীয়া বিদ্যালয়ৰ জিমি হ’ক ( ৪) ।

 

আটাইকেগৰাকী কনিষ্ঠ দবাৰু ২৮ জুলাইৰ পৰা ১০ আগষ্টলৈ চেন্নাইত হ’ব লগা দবা অলিম্পিয়াড প্ৰতিযোগিতাৰ বাবে ২৬ আৰু ২৭ জুনত গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক বাচনি প্ৰতিযোগিতা অংশগ্ৰহণ কৰিব । উল্লেখ্য মৰিগাঁও জিলা দবা সন্থাই মৰিগাঁও মজলীয় বিদ্যালয়ত ১১ আৰু ১২ জুন অনুষ্ঠিত কৰিছিল বিদ্যালয় দবা প্ৰতিযোগিতাখন ।

প্ৰায় ১০০ গৰাকী কণকণ দবাৰুৱে অংশ গ্ৰহণ কৰা প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে । প্ৰতিযোগিতাৰ বঁটা বিতৰণী সভাত মুখ্য অতিথিৰূপে উপস্হিত থাকে মৰিগাঁও জিলা পৰিষদৰ মুখ্যকাৰ্যবাহী বিষয়া ক্ষীতীশ চন্দ্ৰ পেগু ।

জিলা দবা সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মাই সভাপতিত্ব সভা খনত জ্যেষ্ঠ সাংবাদিক অজিত শৰ্মাকে ধৰি কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত আছিল । আনহাতে দবা প্ৰতিযোগিতাখনৰ বিচাৰক আছিল আন্ত:ৰাষ্ট্ৰীয় আৰবিৰ্টাৰ এম অৰুণ সিং।