এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবীত কলিয়াবৰত মৰিয়া যুৱ ছাত্ৰ সন্থাৰ মৌন প্ৰতিবাদ

Kaliabar

সদৌ অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ কলিয়াবৰ জিলা সমিতিৰ উদ্দ্যোগত আৰু সদৌ অসম অন্যান্য অতি পিছপৰা মৰিয়া মুছলমান সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাস কৰা মৰিয়া সম্প্ৰদায়ৰ লোকসকলৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা দাবীত আজি কলিয়াবৰত এক মৌন প্ৰতিবাদী সমদল বাহিৰ কৰা হয়।

কলিয়াবৰৰ কুঁৱৰীটোলৰ পৰা কলিয়াবৰ মহকুমাধিপতি কাৰ্য্যালয়লৈ উলিওৱা এই প্ৰতিবাদী সমদলত সংগঠন দুটাৰ নেতা-কৰ্মীৰ লগতে অঞ্চলটোৰ বহুসংখ্যক লোকে হাতে হাতে বিভিন্ন প্লে’ কাৰ্ড লৈ তেওঁলোকৰ দাবীৰ সমৰ্থনত উলাই আহে।

সংগঠন দুটাই মৰিয়াসকলৰ জাতিগত প্ৰমাণপত্ৰৰ ভিত্তিতে এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবী তোলাৰ লগতে ডিটেনশ্বন কেম্পত আবদ্ধ হৈ থকা কলিয়াবৰৰ তিনিজন মৰিয়া সম্প্ৰদায়ৰ লোক ক্ৰমে ৰায়াজত আলি, ৰোজাত আলি আৰু আটাউৰ ৰহমানক বিনা চৰ্তে মুকলি কৰা আৰু এন আৰ চিৰ খচৰাত অন্তুৰ্ভুক্ত নোহোৱা কলিয়াবৰত বাস কৰা মৰিয়া সম্প্ৰদায়ৰ ২৩৪ গৰকী লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়।

পিছত প্ৰতিবাদকাৰী সকলে কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগৰ জৰিয়তে মূখ্য মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।