The first African team to reach the WC semifinal কাটাৰ বিশ্বকাপৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেল খেলত মৰক্কোৱে পৰ্তুগালক ১-০ গ’লত পৰাস্ত কৰে। ফলস্বৰূপে, দেশখনে যিকোনো আফ্ৰিকাৰ দেশ হিচাপে প্ৰথম ছেমি ফাইনেলত উপনীত হোৱাৰ ইতিহাস সৃষ্টি কৰে।
মৰক্কোৰ তাৰকা ফুটবলাৰ ৱালিদ চেদ্দিৰাই ৯০+৩ মিনিটত ৰঙা কাৰ্ড পাইছিল।
তাৰ পিছত শেষৰ ৫ মিনিটত ৰোনাল্ডো বাহিনীয়ে ১০ জনীয়া মৰক্কো দলটো পোৱাৰ পিছতো কোনো গ’ল কৰিব নোৱাৰিলে। অৱশেষত পৰ্তুগাল বিশ্বকাপৰ পৰা বাহিৰ হয়।
প্ৰথমাৰ্ধৰ শেষত মৰক্কো ১-০ গ’লত আগবাঢ়ি আছিল। এইটো ৯০ মিনিটৰ খেল শেষ হোৱালৈকে বৰ্তি আছিল।
পৰ্তুগালে সমতালৈ ঘূৰি আহিবলৈ প্ৰাণপণে চেষ্টা কৰিছিল। কিন্তু বাৰে বাৰে চেষ্টা কৰাৰ পিছতো ব্ৰুনোৰ দল সফল নহ’ল।
প্ৰথমাৰ্ধৰ ৪২ মিনিটত মৰক্কোৰ এন-নাছেৰীয়ে পৰ্তুগীজ গ’লৰক্ষকক বিচলিত কৰি এটা গ’ল কৰে। সেই গ’লটোতে মৰক্কোৰ ছেমি ফাইনেল নিশ্চিত হৈছিল।