২০৩০ চনত ফুটবল বিশ্বকাপত ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে। এইবাৰ ছখন দেশ আৰু তিনিখন মহাদেশত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ। এইটো অৱশ্যে বিশ্বকাপৰ শতবৰ্ষও। ফলত ২০৩০ চনৰ বিশ্বকাপ আয়োজনৰ বাবে ফিফাই চেষ্টাৰ কোনো ত্ৰুটি ৰখা নাই। কিন্তু এই বিশ্বকাপ আয়োজনৰ ক্ষেত্ৰত মৰক্কোৱে বিতৰ্কৰ সন্মুখীন হ’বলগীয়া হৈছে।
২০৩০ চনৰ বিশ্বকাপৰ আয়োজন কৰিছে ইউৰোপৰ দুখন দেশ স্পেইন আৰু পৰ্তুগাল, আফ্ৰিকাৰ মৰক্কো আৰু লেটিন আমেৰিকাৰ তিনিখন দেশ ব্ৰাজিল, আৰ্জেণ্টিনা আৰু উৰুগুৱে। আৰম্ভণিটো ব্ৰাজিল, আৰ্জেণ্টিনা আৰু উৰুগুৱেৰ পৰা হ’ব। তাৰ পিছত মৰক্কো, স্পেইন আৰু পৰ্তুগাললৈ যাব।
ছখন ভিন্ন দেশত বিশ্বকাপ আয়োজন কৰাটো এক প্ৰত্যাহ্বান। সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে ফিফাই। কিন্তু এই প্ৰত্যাহ্বানৰ সৈতে তেওঁলোকে মৰক্কোৰ বিৰুদ্ধে অভিযোগৰ সন্মুখীন হ’বলগীয়া হৈছে।
বিশ্বকাপৰ সময়ত পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ উদ্যোগ লৈছে মৰক্কো চৰকাৰে। কিন্তু পৰ্যটকৰ আগত দেশৰ প্ৰচাৰৰ ক্ষেত্ৰত চৰকাৰৰ বাবে আটাইতকৈ ডাঙৰ বাধা হৈছে অঘৰী কুকুৰ। সেই দেশৰ চৰকাৰে দেশত ৰাস্তাৰ কুকুৰৰ সংখ্যা হ্ৰাস কৰিবলৈ ২০৩০ চনৰ ভিতৰত তিনি মিলিয়ন (৩০ লাখ) অঘৰী কুকুৰ হত্যা কৰাৰ সিদ্ধান্ত লৈছে।
একাধিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে ২০৩০ চনৰ বিশ্বকাপৰ বাবে মৰক্কোৱে ইতিমধ্যে হাজাৰৰো অধিক ৰাস্তাৰ কুকুৰক হত্যা কৰিছে। আৰু বিশ্বকাপৰ সময় ওচৰ চাপি অহাৰ লগে লগে এই সংখ্যা বৃদ্ধি পাব।
আন্তঃৰাষ্ট্ৰীয় পশু অধিকাৰ সংস্থাসমূহে মৰক্কো চৰকাৰৰ এই পদক্ষেপক গৰিহণা দিছে। পশু অধিকাৰ সংগঠনে দাবী কৰিছে যে অঘৰী কুকুৰক বিষ খুওৱা হৈছে। খাদ্যৰ লগত বিষ মিহলাই সিহঁতক খুৱাইছে। অঘৰী কুকুৰক হত্যা কৰাৰ পিছত কচাইখানালৈ লৈ যোৱা বুলিও দাবী কৰা হৈছে। বহু ক্ষেত্ৰত ৰাজপথৰ কুকুৰক পোনপটীয়াকৈ প্ৰহাৰ কৰি হত্যা কৰা হৈছে বুলিও দাবী কৰা হৈছে।
কিন্তু ফিফাই কি কৈছে? যিহেতু ফিফা বিশ্বকাপৰ আয়োজক, সেয়েহে মানৱ অধিকাৰৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিষয়টোলৈকে মূল দায়িত্ব তেওঁলোকৰ ওপৰত। অৱশ্যে এই সন্দৰ্ভত ফিফাই এতিয়াও কোনো মন্তব্য কৰা নাই। বিষয়টো তেওঁলোকে চোৱাচিতা কৰি থকা বুলি জানিব পৰা গৈছে।