আজি গুৱাহাটী বিমান বন্দৰত উপস্থিত হ’ব দিল্লীত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা চি আই এছ এফৰ জোৱান জয়ন্ত দলেৰ নশ্বৰ দেহ

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্তব্যৰত অৱস্থাত কৰুণ মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা অসমৰ চি আই এছ এফৰ জোৱান জয়ন্ত দলে (৩০)ৰ নশ্বৰ দেহ আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত উপস্থিত হ’ব।

চি আই এছ এফৰ জনসম্পৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এক পথ দুৰ্ঘটনাত ৩ ডিচেম্বৰত অসমৰ জয়ন্ত দলে নামৰ চি আই এছ এফৰ কনিষ্টবল গৰাকীয়ে প্ৰাণ হেৰুৱাইছিল।

স্কুটিৰে নিজৰ কৰ্তব্যস্থলীলৈ আহি থকাৰ সময়তে জয়ন্ত দলে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোৱালি লয়।

জয়ন্ত দলে গোলাঘাট জিলাৰ বোকাখাত আৰক্ষী থানাৰ অন্তৰ্গত বালিজানৰ জৱাহৰলাল দলেৰ পুত্ৰ।

দিল্লীত পথ দুৰ্ঘটনাত জয়ন্ত দলেৰ মৃত্যুৰ ঘটনাই সমগ্ৰ বোকাখাতত শোকৰ ছাঁ পেলাইছে।

আজি গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জোৱান গৰাকীৰ নশ্বৰ দেহ উপস্থিত হোৱাৰ পাছত পোনে পোনে বোকাখাতৰ নিজ বাসগৃহলৈ লৈ যোৱা হ’ব।

পৰিয়ালৰ লোকৰ উপস্থিতিত সামৰিক মৰ্যদাৰে কনিষ্টবল জয়ন্ত দলেক অন্তিম বিদায় জনোৱা হ’ব।