গুৱাহাটীত উপস্থিত ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভট্ট

MoS Defence Ajay Bhatt

মঙ্গলবাৰে ১৯৭১ চনৰ ভাৰত-বাংলাদেশ যুদ্ধৰ স্বৰ্ণিম বিজয় দিৱসৰ অনুষ্ঠানত ভাগ লোৱাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হৈছে ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী অজয় ভট্ট।

খানাপাৰা প্ৰশাসনিক মহাবিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ‘বাংলাদেশ আৰু উত্তৰ-পূব ভাৰত: উদিত সূৰ্য’ শীৰ্ষক আলোচনাত অংশগ্ৰহণ কৰিব ৰাজ্যিক প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে।

আলোচনাত ভাৰত-বাংলাদেশ সম্পৰ্ক আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে আলোচিত হ’ব।

বিশেষ সূত্ৰ অনুসৰি, উক্ত বৈঠকত সুৰক্ষা সম্বন্ধীয় বহু উচ্চ-স্তৰীয় বিষয়ত আলোচনা কৰা হ’ব।

বৈঠকত দুয়ো পক্ষৰ শীৰ্ষ বিষয়া উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।