মস্কো-গোৱা বিমানত বোমাতংক! গুজৰাটৰ জামনগৰৰ বায়ুসেনা ঘাটিত জৰুৰী অৱতৰণ

যাত্ৰীবাহী বিমানখন ৰাছিয়াৰ মস্কোৰ পৰা গোৱালৈ আহি আছিল। কিন্তু গন্তব্যস্থানত উপনীত হোৱাৰ পূৰ্বেই ঘটিল বিপদ। বিমানখনত এটা বোমা থকা ভাবুকিৰ ফোন আহে। ইয়াৰ ঠিক পিছতে বিমানখনে গুজৰাটৰ জামনগৰত থকা ভাৰতীয় বায়ু সেনা ঘাটিত জৰুৰী অৱতৰণ কৰে। সকলো যাত্ৰী সুৰক্ষিত বুলি জনা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বিমানখনে প্ৰায় ২৪৪ জন যাত্ৰীৰ সৈতে মস্কোৰ পৰা উৰা মাৰিছিল। বিমানখন গোৱাৰ ডাবলিম বন্দৰত অৱতৰণ কৰাৰ কথা আছিল। কিন্তু সোমবাৰে অৱতৰণ কৰাৰ অলপ আগতে গোৱাৰ এয়াৰ ট্ৰেফিক কন্ট্ৰ’ল (এটিচি)য়ে এটা ভাবুকিৰ ফোন পাইছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে বিমানখন গোৱাৰ পৰিৱৰ্তে গুজৰাটলৈ ঘুৰাই নিয়া হয়। বিমানখন যাত্ৰীসকলৰ সৈতে নিশা ৯.৪৯ বজাত জামনগৰৰ বায়ু সেনা ঘাটিত অৱতৰণ কৰে।

লগতে পঢ়ক: আকৌ ভূমিকম্প! ৰিখটাৰ স্কেলত ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই জোকাৰি গ’ল ইণ্ডোনেছিয়া

খৱৰ লাভ কৰাৰ পিছতে বোমা নিষ্ক্ৰিয়কাৰী দল আৰু স্থানীয় আৰক্ষী তথা প্ৰশাসন বিমান ঘাটিত উপস্থিত হয়। পাইলট আৰু কেবিন ক্ৰুকে ধৰি সকলো যাত্ৰীক ততাতয়াকৈ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হয়।

বিমানবন্দৰ কৰ্তৃপক্ষই জনায় যে বিমানখন বৰ্তমান ‘আইছ’লেশ্যন ৱে’ত ৰখা হৈছে যাতে আন বিমানসমূহৰ পৰা ইয়াৰ দূৰত্ব বজাই থাকে। ৰাছিয়াৰ দূতাবাসকো জৰুৰী অৱতৰণৰ বিষয়ে অৱগত কৰা হৈছে। বিমানখনত এতিয়াও তালাচী চলাই থকা হৈছে।