NORTHEAST NOW (Assamese)

মছজিদৰ দানপাত্ৰ চুৰিৰ অভিযোগত শিৱসাগৰত তিনিজনক গ্ৰেপ্তাৰ

September 29, 2020 10:18 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ আৰক্ষীয়ে মছজিদৰ দানপাত্ৰ চুৰি কৰাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোককেইজন হৈছে ৰাজা দুৱৰা (দৰিকাপাৰ), ভোলা দুৱৰা (খাটপথাৰ) আৰু ইক্ৰামুল আলি (ষ্টেচন চাৰিআলি)।

যোৱা ২৬ চেপ্তেম্বৰ শনিবাৰৰ নিশা শিৱসাগৰ নগৰৰ মাজমজিয়াস্থিত ৩টা মছজিদত চুৰি হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।

শিৱসাগৰ নগৰৰ ন মছজিদ, বাবুপট্টি মছজিদ, বেপাৰী পট্টি মছজিদত চুৰি কাণ্ড সংঘটিত হৈছিল।

৩টা মছজিদৰে দানপাত্ৰৰ তলা ভাঙি সমুদায় ধন লৈ যায়।

কিন্তু আজি চুৰি কাণ্ডত জৰিত ধৃত তিনিওজন চোৰক যোৰহাটত কৰায়ত্ব কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষীয়ে।

আৰক্ষীয়ে জানিব দিয়ে যে ধৃত চোৰৰ ভাষ্য অনুসৰি বাবুপট্টি মছজিৰ দানপাত্ৰৰ পৰা ৫০০০ আৰু অন্য দুটা মছজিদত দান পাত্ৰত পইচা নোপোৱা বুলি জানিব দিয়ে।

উক্ত চুৰি ধনৰ ১৬৪০টকা চোৰৰ হাতৰপৰা উদ্ধাৰ কৰে আৰু তিনিওটা চোৰক জেললৈ পঠোৱা হয়।

Related News