প্ৰেম বিবাহৰ স্থায়িত্ব সঁচাই ক’ম নেকি? কি ক’লে উচ্চতম ন্যায়ালয়ে?

দেশত প্ৰেমৰ বিবাহৰ স্থায়িত্ব ক’ম! অৰ্থাৎ বিবাহ বিচ্ছেদৰ বেছিভাগ ঘটনা প্ৰেম বিবাহ কৰাসকলৰ মাজতে ঘটে। বুধবাৰে বিবাহ বিচ্ছেদৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এনে এক মন্তব্য কৰে।

ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সঞ্জয় কেৰলৰ বিচাৰপীঠে এক দম্পতীৰ বিবাহ বিচ্ছেদ গোচৰত মধ্যস্থতাৰ প্ৰস্তাৱ আগবঢ়ায়। কিন্তু সেই গোচৰৰ এটা পক্ষই এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰা নাছিল।

ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে ১ মে’ৰ ৰায়ৰ কথা উল্লেখ কৰে। ৰায়টোত কোৱা হৈছে যে যদি কোনো ধৰণৰ বৈবাহিক সম্পৰ্ক সুস্থিৰ কৰিব নোৱাৰি তেন্তে আদালতে বিবাহ বিচ্ছেদ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰাৰ বাবে বিশেষ ক্ষমতা প্ৰয়োগ কৰিব পাৰে।

বুধবাৰে এই গোচৰৰ শুনানিত ২ জনীয়া বিচাৰপীঠে অধিবক্তাজনৰ পৰা জানিব বিচাৰিছিল যে বিবাদী দম্পতীহালে প্ৰেম বিবাহ কৰাইছিল নেকি! বিবাদী অধিবক্তজনে জনাই যে দম্পতিহালে প্ৰেম বিবাহেই কৰাইছিল। ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে এইদৰে মন্তব্য কৰে।

যোৱা ১ মে’ত দিয়া ৰায়দানত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, এ এছ ওকা, বিক্ৰম নাথ আৰু জে কে মহেশ্বৰীৰে গঠিত পাঁচজনীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে ভগ্ন বৈবাহিক সম্পৰ্কক যদি অন্য কোনো ধৰণে সুস্থিৰ কৰিব নোৱাৰি তেন্তে সংবিধানৰ ১৪২ অনুচ্ছেদৰ অধীনত তেনে দম্পতিয়ে ক্ষীপ্ৰতাৰে বিবাহ বিচ্ছেদ কৰিব পাৰিব। বিচাৰপীঠে এই বিশেষ পৰিস্থিতিক এটা শব্দত ‘অপূৰণীয় বৈবাহিক সম্পৰ্ক’ বুলি অভিহিত কৰিছে। বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ দায়িত্ব কোনে ল’ব, সম্পত্তিৰ অংশ কোনে পাব, বিবাহ বিচ্ছেদৰ গোচৰটো সোনকালে নিষ্পত্তি কৰিব লাগে নে নাই সেইটো আদালতে সিদ্ধান্ত ল’ব।

ইয়াৰ পূৰ্বে হিন্দু বিবাহ আইনৰ ১৩ বি ধাৰাৰ মতে যদি কোনো দম্পতিয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে তেন্তে সেই বিবাহ বিচ্ছদ ৬ মাহৰ পাছতহে সম্পন্ন কৰিব পাৰি। পাৰস্পৰিক সন্মতিৰ ভিত্তিত বিবাহ বিচ্ছেদ বিচাৰিলেও এই সময়সীমা বাধ্যতামূলকভাৱে মানি চলিবলগীয়া হৈছিল। সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি কোনো বিচাৰাধীন বিষয়ৰ ‘সম্পূৰ্ণ আইনী নিষ্পত্তি’ৰ বাবে উচ্চতম ন্যায়ালয়ে নিজৰ বিশেষ ক্ষমতা প্ৰয়োগ কৰি নিৰ্দেশনা জাৰি কৰিব পাৰে বা ৰায়দান কৰিব পাৰে।