৪ লাখ কৰ্মচাৰীক কাপোৰ দিব লগীয়া বিভাগটোত ৮৭০টা পদৰ ৫৪৬টাই খালী; হিমন্তই চমক সৃষ্টিৰ প্ৰৱণতাৰে লাজত পেলালে বিভাগটোক?

Khadi

খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ তদানীন্তন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

বিগত বছৰৰ ২ অক্তোবৰত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী বহাগ বিহুৰ সময়তে ৰাজ্যৰ কৰ্মচাৰীসকলৰ প্ৰত্যেককে দুপদকৈ খাদি বস্ত্ৰ দিয়াৰ ঘোষণা কৰিছিল। এয়া কেৱল এটা চমক আছিল নেকি বিভাগটোৰ তদানীন্তন মন্ত্ৰীজনৰ? কোনো বাস্তৱিক আৰু তথ্যভিত্তিক অধ্যয়ন নকৰাকৈয়ে আৰু বিভাগটোৰ অৱস্থাৰ বুজ নোলোৱাকৈয়ে মন্ত্ৰীজনে এই ঘোষণাটো কৰিছিল নেকি?

খাদি আৰু গ্ৰামোদ্যোগ বিভাগ এই বোজা ল’ব পৰাকৈ সক্ষম হয় নে নহয় বা এনে বৃহৎ পৰিমাণৰ কাপোৰ উৎপাদনৰ বাবে অসমত সমল আছে নে নাই সেয়া বুজ নোলোৱাকৈ খৰখেদাকৈ ৰাজনৈতিক চমক দিয়াৰ উদ্দেশ্যেহে যে ঘোষণাটো কৰা হৈছিল সেয়া এতিয়া ওলাই পৰিছে।

বোধহয় নিজকে পৰিৱৰ্তন আনিব জনা মন্ত্ৰী হিচাপে প্ৰমাণ দিয়াৰ প্ৰৱণতাই তেওঁৰ এই ঘোষণাৰ আঁৰত কাম কৰিছিল। মন্ত্ৰীজন বৰ্তমান বিভাগটোত নাই। কিন্তু মন্ত্ৰীজনে এই আগপিছ নভবা ঘোষণাৰে প্ৰায় অসহায় অৱস্থাত পেলাই থৈ গ’ল বিভাগটোক। লগতে লাজতো পেলালে।

উল্লেখযোগ্য যে উক্ত ঘোষণাৰ সময়তে মন্ত্ৰীজনে খাদিক জনপ্ৰিয় কৰিব লাগে আৰু তাৰ বাবেই চৰকাৰে সকলো কৰ্মচাৰীকে দুটাকৈ খাদি চোলা দিব বুলি ঘোষণা কৰিছিল। আৰু লগতে এইবোৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগে ৰাজ্যখনতে থলুৱা শিপিনীৰ জৰিয়তে উৎপাদন কৰা হ’ব বুলি কৈছিল।

কিন্তু আছিল নে ৰাজ্যৰ খাদি আৰু গ্ৰামোদ্যোগ বিভাগৰ এই সক্ষমতা? মন্ত্ৰীজনে বা চৰকাৰখনে বিভাগটোক শক্তিশালী কৰি তুলিবলৈ একো নকৰাকৈয়ে কেৱল ঘোষণা কৰিয়েই দায়িত্ব সামৰিলে। ফলত ব্যৰ্থতাৰ লাজ গাত ল’ব লগীয়া হ’ল বিভাগটোৱে। কাপোৰ দিয়াৰ নিৰ্ধাৰিত সময় বহাগ কেতিয়াবাই পাৰ হৈ গ’ল। তাৰ পিছতো বিভাগটোৱে উৎপাদন কৰিব নোৱাৰিলে প্ৰয়োজনীয় সংখ্যক কাপোৰ। কাইলৈ এবছৰ পূৰ হ’ল এই ঘোষণাটোৰ। কাইলৈ মাত্ৰ ১০০জন কৰ্মচাৰীক এই কাপোৰ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। তাৰ পিছত বাকীসকলক অহা ৩-৪ মাহৰ ভিতৰত দিয়া হ’ব। আজি সংবাদমেল দি বিভাগটোৰ অধ্যক্ষ ডাঃ কমলা কলিতাই এই ঘোষণা কৰিছে। কিন্তু সেয়াও কিমান দূৰ বিশ্বাসযোগ্য ৰাইজে অনুমান কৰিব পাৰিছেই।

ৰাজ্য চৰকাৰৰ অধীনত প্ৰায় ৪ লাখ কৰ্মচাৰী আছে। দুপদকৈ বস্ত্ৰৰ প্ৰতিপদত দুই মিটাৰকৈ হ’লেও প্ৰায় ১৬ লাখ মিটাৰ কাপোৰ লাগিব।

আনহাতে জানিব পৰা মতে, খাদি আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ মুঠ ৮৭০টা মঞ্জুৰীকৃত পদৰ ৫৪৬টাই খালী হৈ আছে। অৰ্থাৎ বৰ্তমান সময়ত ব’ৰ্ডত মাত্ৰ ৩২৪জনহে কৰ্মচাৰী আছে। ইফালে খাদি ব’ৰ্ডৰ অধীনত কাপোৰ বোৱা ঠিকা ভিত্তিক শিপিনী ৬৫৪গৰাকী। এওঁলোকে গাইপতি প্ৰায় ২৫০০ মিটাৰকৈ কাপোৰ ব’ব লাগিব।

গতিকে এই মুষ্টিমেয় কৰ্মচাৰী আৰু শিপিনীয়ে ইমান বৃহৎ পৰিমাণৰ কাপোৰ উৎপাদন কৰা সম্ভৱ নে?

মন কৰিব লগীয়া যে ৰাজ্যৰ শিপিনীয়ে খাদি ব’ৰ্ডে দিয়া কম হাৰত কাপোৰ নবওঁ বুলি কেতিয়াবাই স্পষ্ট কৰি দিছে।

এই বাস্তৱ পৰিস্থিতিবোৰ অধ্যয়ন নকৰাকৈ ৰাজনৈতিক চমক দিবলৈ গৈ বিভাগীয় মন্ত্ৰীজনে (তদানীন্তন) বিভাগটোকে চৌঠেঙীয়া নকৰিলে নে?