সোমবাৰে সন্ধিয়া সংঘটিত এক পথ দুৰ্ঘটনাত বৰপেটাৰ বৰবিলা অঞ্চলত এগৰাকী মাতৃ আৰু তেওঁৰ কন্যাৰ মৃত্যু ঘটে।
স্থানীয় লোকে জানিবলৈ দিয়া মতে মাতৃ আৰু কন্যাই এখন ই-ৰিক্সাত উঠি এখন বিয়ালৈ গৈ থকাৰ সময়তে এখন তীব্ৰবেগী গাড়ীয়ে খুন্দিয়ায়।
মাতৃ আৰু কন্যা দুগৰাকীয়ে ঘটনাস্থলীতে নিহত হোৱাৰ লগতে আন দুগৰাকী গুৰুতৰভাৱে আহত হয়।
মৃত মাতৃ-কন্যা দুগৰাকীক জামিৰা নেছা আৰু মহিমা পাৰবীন বুলি চিনাক্ত কৰা হৈছে আৰু ভনীয়েক ৰুমী পাৰবীনক সংকটজনক অৱস্থাত হাস্পাতালত ভৰ্তি কৰোৱা হয়।
লগতে পঢ়ক: পৃথক বড়ো ৰাজ্য গঠনৰ দাবীত ভূমিষ্ঠ হৈয়ে লপা-থপা খালে বড়ো নেশন্যেল ষ্টুডেণ্ট ইউনিয়নৰ নেৰ্তৃবৰ্গই
তেওঁলোক কয়াকুছিৰ বাসিন্দা আৰু এক আত্মীয়ৰ ঘৰত বিয়ালৈ গৈ থকা সময়তে হঠাতে তীব্ৰবেগী বাহনখনে খুন্দিয়ায়।
তেওঁলোকক ততাতয়াকৈ হাস্পাতাললৈ নিয়া হয় যদিও ইয়াৰে দুগৰাকীয়ে চিকিৎসাৰ পূৰ্বেই দুগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখন হৰেকৃষ্ণ দাস নামৰ ব্যক্তিৰ নামত AS01EG5879 নম্বৰত পঞ্জীয়ন কৰা আছে।
আৰক্ষীয়ে বাহনখন জব্দ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে।