এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে স্পষ্ট কৰিছে যে ২০০৫ চনৰ ঘৰুৱা হিংসা আইনৰ অধীনত কেৱল কইনা নহয়, শাহুৱেকও সুৰক্ষাৰ অধিকাৰী। বোৱাৰীৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আদালতৰ কাষ চাপিছিল শাহুৱেকে। ঘৰুৱা হিংসা আইনৰ অধীনত কেৱল কইনাসকলেহে সুৰক্ষা লাভ কৰিব পাৰে, শাহুৱেক নহয় বুলি দাবী জনাই আবেদন কৰিছিল।
কিন্তু উচ্চ ন্যায়ালয়ে এই আৰ্জি নাকচ কৰি নিম্ন আদালতৰ সিদ্ধান্তক সমৰ্থন কৰে। আদালতে কয় যে ঘৰুৱা হিংসা আইনৰ পৰিসৰ সীমিত নহয়; যদি এগৰাকী মহিলা একেটা ঘৰত বাস কৰা কোনোলোকৰ দ্বাৰা নিৰ্যাতিত হয়, তেন্তে তেওঁ এই আইনৰ অধীনত সুৰক্ষাৰ বাবে আদালতত আবেদন দাখিল কৰিব পাৰে।
আদালতে স্পষ্ট কৰি দিয়ে যে যদি কোনো শাহুৱেকে বোৱাৰী বা পৰিয়ালৰ অন্য সদস্যৰ পৰা হাৰাশাস্তি, শাৰীৰিক বা মানসিক নিৰ্যাতনৰ সন্মুখীন হয়, তেন্তে তেওঁ ঘৰুৱা হিংসাৰ পৰা মহিলাক সুৰক্ষা আইন, ২০০৫ৰ ধাৰা ১২ৰ অধীনত আদালতত আৰ্জি আদাখিল কৰিব পাৰে।
এই গোচৰত সুধা মিশ্ৰ নামৰ এগৰাকী বৃদ্ধাই তেওঁৰ বোৱাৰী গৰিমা মিশ্ৰৰ বিৰুদ্ধে দণ্ডাধীশ আদালতত আৰ্জি দাখিল কৰিছিল। সুধাই অভিযোগ কৰে যে গৰিমাই তেওঁৰ পুত্ৰৰ সৈতে ৰায়ে বৰেলীৰ দেউতাকৰ ঘৰলৈ যাবলৈ বিচাৰিছিল, কিন্তু পুত্ৰই এই প্ৰস্তাৱত সন্মতি নিদিয়াত গৰিমাই তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। ২০২৪ চনৰ জুন মাহত গৰিমাই সুধাৰ পৰা ধন আৰু গহনা লোৱাৰো অভিযোগ উত্থাপিত হয়। দণ্ডাধীশে গৰিমাক চমন জাৰি কৰাত কোনো সঁহাৰি নিদি উচ্চ ন্যায়ালয়ৰ কাষ চাপে।
গৰিমাই উচ্চ ন্যায়ালয়ত দাবী কৰে যে তেওঁক যৌতুকৰ বাবে নিৰ্যাতন কৰা হৈছে আৰু এই অভিযোগত তেওঁ থানাত গোচৰ ৰুজু কৰিছিল। তেওঁ আৰু দাবী কৰে যে ঘৰুৱা হিংসা আইনৰ অধীনত শাহুৱেকে আৰ্জি দাখিল কৰাৰ অধিকাৰ নাই, কাৰণ এই আইন কেৱল কইনাক সুৰক্ষা প্ৰদান কৰে। কিন্তু উচ্চ ন্যায়ালয়ে এই যুক্তি নাকচ কৰি দণ্ডাধীশৰ নিৰ্দেশ সমৰ্থন কৰে আৰু স্পষ্ট কৰে যে ঘৰুৱা হিংসা আইনৰ অধীনত কইনা আৰু শাহুৱেক উভয়ে সুৰক্ষা লাভ কৰিব পাৰে।