NORTHEAST NOW (Assamese)

দ্বাদশ শ্ৰেণীৰ ছাত্ৰক বিয়া কৰোৱাৰ স্বাৰ্থত ধৰ্মান্তৰণ কৰিলে তিনি সন্তানৰ মাতৃয়ে

April 10, 2025 9:26 am · এন ই নাও নিউজ, গুৱাহাটী

উত্তৰ প্ৰদেশৰ আমৰোহা জিলাত তিনি সন্তানৰ মাতৃ ২৬ বছৰীয়া এগৰাকী মহিলাই অন্য ধৰ্ম গ্ৰহণ কৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰৰ সৈতে বিয়াত বহিছে। পূৰ্বে শ্ববনম নামেৰে পৰিচিত এই মহিলাগৰাকীয়ে এতিয়া শিৱানী নাম লৈছএ। এয়া মহিলাগৰাকীৰ তৃতীয় বিবাহ।

খবৰ অনুসৰি শিৱানীয়ে তেওঁৰ চুবুৰীত বাস কৰা অন্য ধৰ্মৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল। যাৰ ফলত দ্বিতীয় স্বামীৰ সৈতে বিবাহ বিচ্ছেদ সম্পাদন কৰি তিনিগৰাকী কন্যাক তেওঁৰ জিম্মাত থৈ স্থানীয় মন্দিৰত ছাত্ৰজনৰ সৈতে বিয়াত বহে।

স্থানীয় ৰাইজৰ মতে, কিছুদিন পূৰ্বে এখন পঞ্চায়ত অনুষ্ঠিত হৈছিল যত দুয়োটা পৰিয়াল উপস্থিত আছিল। সিদ্ধান্ত লোৱা হল যে মহিলাগৰাকী প্ৰাপ্তবয়স্ক হোৱাৰ বাবে যত ইচ্ছা তাতেই থাকিবলৈ স্বাধীন।

শিৱানীয়ে নিজৰ ইচ্ছামতে বিয়া কৰাইছিল আৰু নিজৰ সিদ্ধান্তত সন্তুষ্ট বুলিও কয়। ছাত্ৰজনেও কয় যে তেওঁলোক সুখী আৰু আনৰ হস্তক্ষেপ নিবিচাৰে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আলিগড়ত শ্ববনমৰ বিবাহ হৈছিল যদিও পাছত দম্পতীহালৰ বিবাহ বিচ্ছেদ হয়। প্ৰায় আঠ বছৰ আগতে শ্ববনমৰ দ্বিতীয় বিবাহ সম্পন্ন হৈছিল। এবছৰ পূৰ্বে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ স্বামী অক্ষম হৈ পৰাৰ পাছত কিশোৰগৰাকীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰম্ভ হয়।

ছাত্ৰজনৰ পিতৃয়ে পুত্ৰৰ এই সিদ্ধান্তক সমৰ্থন কৰা বুলি কয়। সংবাদ সংস্থা পিটিআই-ক তেওঁ কয় যে আমি মাথোঁ আশা কৰিছো যে দুয়োজনে শান্তিপূৰ্ণভাৱে একেলগে বাস কৰক।

Related News