হাউলীত মদাহী বাপেকক মাকৰ সহযোগত ঘপিয়াই হত্যাৰ চেষ্টা পুতেকৰ

বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাজীপাৰা ৮ নং ৱাৰ্ডত শুকুৰবাৰে নিশা এক জঘন্য ঘটনা সংঘটিত হয় ।

প্ৰাপ্ত তথ্য মতে চান্দ মামুদ নামৰ ৪০ বছৰীয়া ব্যক্তিজনক অত্যধিক মদ খোৱাৰ বাবে নিজৰে পুতেক শ্বাহনুৰে ঘৰৰ সমীপৰ বজাৰৰ পৰা ঘৰলৈ ধৰি আনে। আৰু ঘৰত মাকৰ সহযোগত দাৰে ঘপিয়াই সুৰামত্ত বাপেকক হত্যা কৰাৰ চেষ্টা চলায়।

বৰ্তমান পুতেকৰ দাৰ ঘাপত গুৰুতৰভাবে আহত পিতৃ চান্দ মামুদ বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে।

আনহাতে পূৰ্বতেও পুত্ৰ আৰু মাতৃয়ে মিলি বহুবাৰ পিতৃক হাত-ভৰি বান্ধি প্ৰহাৰ কৰাৰ লগতে ৬ জনীকৈ পেহীয়েককো প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি আহিছিল বুলি স্থানীয় ৰাই অভিযোগ উত্থাপন কৰে।

ইফালে ঘটনা সংঘটিত কৰি পুতেক শ্বাহানুৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে হাউলী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মাকক আটক কৰিবলৈ সক্ষম হয়। আৰু পুতেকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।