অভিযন্তা দিৱস: কোকৰাঝাৰৰ বিবি ইঞ্জিনিয়াৰিং কলেজ, চি আই দি চিৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বি টি চি চুক্তিৰ আধাৰত ২০০৮ চনত স্থাপিত কোকৰাঝাৰ চন্দ্ৰপাৰাৰ বিজুলীবাৰীস্থিত বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজত শনিবাৰে দিনজোৰা কাৰ্য্যসূচীৰে পালিত হয় অভিযন্তা দিৱস।

অভিযন্তা দিৱসৰ সৈতে সংগতি ৰাখি অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’ বি চিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক দক্ষতা বিকাশ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায়।

কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনীয়াৰিং কলেজ ( বি বি ই চি)এ ইণ্ডিয়ান এয়াৰপ’ৰ্ট অথৰিটিৰ সহযোগত প্ৰশিক্ষণ শিবিৰটোৰ আয়োজন কৰিছিল।

আনুষ্ঠানত চি আই ডি চিৰ সঞ্চালক ড০ পি. আৰ. স্বৰূপ, ৭ম শিখ লাই ৰেজিমেন্ট ভাৰতীয় সেনাৰ বিষয়া কেপ্তেইন ৰিশ্বাভ ভাৰ্মা আৰু আই চি টিৰ জন সম্পৰ্কীয় বিষয়া সুভাষ উপাধ্যায়ে আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে।

সেনা বিষয়াজনে শিক্ষিত যুৱক-যুৱতীসকলক ভাৰতীয় সেনাত যোগদান কৰা আৰু দেশ ৰক্ষা কৰাত সেনাৰ অৱদানৰ বিষয়ে বিষদভাৱে ইঞ্জিনীয়াৰিং কলেজৰ ছাত্ৰ- ছাত্ৰী আৰু নিবনুৱাসকলৰ উদ্দেশ্যে বাখ্যা কৰে।

উক্ত প্ৰশিক্ষণ শিবিৰতে কোকৰাঝাৰ বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ (বি বি ই চি) অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চি আই ডি চিৰ মাজত বুজাপৰাৰ চুক্তি স্বাক্ষৰিত হয়।

অভিযান্ত্ৰিক প্ৰতিষ্ঠানটোক নডেল চেন্টাৰ আৰু ড্ৰোন টেক্নলজী চেন্টাৰ হিচাপেও ঘোষণা কৰে।

বি টি এ ডি আৰ উত্তৰ-পূবৰ দুই সহস্ৰাধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতীক বিনামূলীয়াকৈ তিনি মাহ, ছয় মাহ ধৰি প্ৰশিক্ষণ দি কৰ্ম সংস্থাপন দিয়াটো যথেষ্ঠ সহায় আৰু সহযোগিতা আগবঢ়াব বুলি ঘোষিত হয়।