• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বঙাইগাঁৱত ভাৰতৰ প্ৰথমগৰাকী মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী মহিলা বাচেন্দ্ৰী পাল

দৈনিক খোজকাঢ়ক-স্বাস্থ্যৱান হৈ থাকক: বাচেন্দ্ৰী পাল, অৰুণাচলৰ পৰা লাডাখলৈ ৪,৯৭৭ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিব খোজকাঢ়ি

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও by প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও
March 31, 2022 6:40 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ প্ৰথমগৰাকী মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণকাৰী মহিলা উত্তৰাখণ্ডৰ বাচেন্দ্ৰী পালে(৬৮) এটি ৫০ বছৰ ঊৰ্ধৰ বাৰজনীয়া মহিলা দলৰ সৈতে বঙাইগাঁও আৱৰ্ত ভৱনত উপস্থিত হৈছে ৷

৫০ বছৰৰ ঊৰ্দ্ধৰ মহিলাসকলক লৈ ট্ৰান্স হিমালয়ান এক্সপিডিচন – ২২ (Fit @50+Women Trans Himalayan Expedition ’22) মিছনৰ অধীনত অৰুণাচল প্ৰদেশৰ নিকটৱৰ্তী পাংছুপাছ নামৰ ঠাইৰ পৰা ১২ মাৰ্চত যাত্ৰা আৰম্ভ কৰি বুধবাৰে বঙাইগাঁৱত উপস্থিত হৈছেহি। তেওঁলোকে প্ৰতিদিনে ২০কিলোমিটাৰ খোজকাঢ়ি প্ৰমাণ কৰিছে যে ৫০ বছৰ বা ৬০ বছৰ বয়স পাৰ হ’লেও বয়সে এই দুঃসাহসিক যাত্ৰাত বাধাৰ সৃষ্টি কৰিব নোৱাৰে।

বাৰগৰাকী মহিলা আৰু আন ৪ জন সহায়কাৰীৰ সৈতে আহি বঙাইগাঁও আৱৰ্ত ভৱনত উপস্থিত হোৱা বাচেন্দ্ৰী পাল আৰু তেওঁৰ সহযোগীসকলক জিলা উপায়ুক্ত ডা:এম এছ লক্ষ্মী প্ৰিয়াই উষ্ম আদৰণি জনায়। উল্লেখ্য যে টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচন আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰনালয়ৰ যুটীয়া উদ্যোগত আৰু ভাৰতীয় সেনা আৰু ইণ্ডো- তিব্বত সীমান্ত আৰক্ষী বাহিনীৰ সহযোগত বাচেন্দ্ৰী পালে তেওঁৰ সহযোগীসকলৰ সৈতে অৰুণাচলৰ পৰা লাডাখলৈ ৪,৯৭৭ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰাৰ লক্ষ্যেৰে ২০২২ চনৰ মাৰ্চ মাহৰ পৰা আগষ্ট লৈ ৫ মহীয়া এই দুঃসাহসিক যাত্ৰা আৰম্ভ কৰিছে ৷

এই দুঃসাহসিক যাত্ৰা ৮ মাৰ্চত দিল্লীত শুভাৰম্ভ কৰা হৈছিল আৰু আগষ্ট মাহৰ প্ৰথম সপ্তাহত অন্ত পৰিব। বাচেন্দ্ৰী পালে পৰ্বতাৰোহণৰ উপৰিও গুজৰাটৰ ভূজ ভূমিকম্প আৰু উৰিষ্যাৰ ছুনামী দুৰ্যোগৰ সময়ছোৱাত সাহায্য আগবঢ়োৱাত নেতৃত্ব লোৱাৰ লগতে উত্তৰাখণ্ডৰ বানপানীৰ সময়ত সাহায্য আৰু উদ্ধাৰ অভিযানত সহায় কৰাৰ উপৰি দুৰ্গম হিমালয়ান গাঁওবিলাকতো সহায়-সাহায্য আগবঢ়াই আহিছে।

পৰ্বতাৰোণকাৰী বাচেন্দ্ৰী পালে ইতিমধ্যে পদ্মশ্ৰী,পদ্ম ভূষণ, অৰ্জুন, টেনজিং নৰ্গে আদি বঁটা পোৱাৰ উপৰিও তেওঁ আন অসংখ্য বঁটা আৰু সন্মানেৰে সন্মানিত হৈছে। বুধবাৰে বঙাইগাঁৱত নিশাটো কটোৱাৰ পিচত বৃহস্পতিবাৰে পুৱা ৪ বজাত পুনৰ তেওঁলোকে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰে। ইপিনে চলিত মাহৰ দ্বিতীয় সপ্তাহত অৰুণাচল প্ৰদেশৰ পাংছুপাছত ৫০ বছৰৰ ঊৰ্দ্ধৰ মহিলাসকলক লৈ ট্ৰান্স হিমালয়ান এক্সপিডিচন আৰম্ভ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চললৈ অহা পৰ্বতাৰোহী বাচেন্দ্ৰি পালে সংবাদ মাধ্যমৰ আগত এই দু:সাহসিক অভিযান লাডাখৰ ড্ৰাছ-কাৰ্গিল এলেকাৰ টাইগাৰ হিলছত সমাপ্ত হ’ব বুলি জানিবলৈ দিয়ে ।

তেওঁ লগতে কয় যে স্বাস্থ্যৱান থাকিলে যে বয়সেও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে আৰু যি কোনো কাম কৰিব পাৰি তাকে ইয়াৰ দ্বাৰা প্ৰমাণ কৰিবলৈ এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ কাৰণ পৰিয়ালৰ মহিলা, পুৰুষসকল যদি স্বাস্থ্যৱান হৈ থকে তেতিয়ালে পৰিয়ালটো স্বাস্থ্যৱান হৈ থাকিব ৷ পৰিয়াল সুস্বাস্থ্যৱান হৈ থাকিলে সমাজ আৰু দেশো স্বাস্থ্যৱান হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে।

পৰ্বতাৰোণকাৰী বাচেন্দ্ৰী পালৰ নেতৃত্বত এই দুঃ সাহসিক যাত্ৰা কৰা দলটোৰ আন সদস্যসকল হ’ল পশ্চিমবংগৰ চেতনা চাহু( ৫৫), চত্তিশগড়ৰ সবিতা ধপৱাল( ৫৩) , গুজৰাটৰ চাওলা যোগীৰদাৰ( ৬৪), গাংগোত্ৰী সোনেজী( ৬৩) , ঝাৰখণ্ডৰ পায়ো মুৰ্মু( ৫৪) , অন্নপূৰ্ণা এল ( ৫২) , ৰাজস্থানৰ ডাঃ সুষমা বিশ্ব( ৫৬) , উত্তৰ প্ৰদেশৰ মেজৰ কৃষ্ণা ডুবে ( ৫৬) ,মহাৰাষ্ট্ৰৰ বিমলা ডেওস্কাৰ ( ৫৬) ,কৰ্ণাটকৰ বসুমতী শ্ৰীনিবাসন( ৬৮) , শমলা পদ্মনাভন( ৬৫) আদি৷

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

বন্ধ হোৱাৰ দিশে টাটা কনছালটেন্সি চাৰ্ভিচেছৰ ভোপাল কাৰ্যালয়! অনিশ্চিয়তাত কৰ্মচাৰীৰ ভৱিষ্যৎ

September 17, 2025 4:37 pm
সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

সাহিত্য অকাডেমীৰ সচিবৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ, ভুক্তভোগীক চাকৰিৰ পৰা নিলম্বন; এই কাৰ্যক প্ৰতিশোধমূলক বুলি আখ্যা উচ্চ ন্যায়ালয়ৰ

September 17, 2025 4:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

কংগ্ৰেছ আৰু মুছলিম লীগক একে বুলি গণ্য কৰি কমিউনিষ্টসকলে ভুল কৰিছিল: অধ্যাপক ইৰফান হাবিব

September 17, 2025 5:36 pm
পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

পুনৰ গোলা বাৰুদেৰে গৰজি উঠিল গাজাৰ অকাশ-বতাহ!  শ শ লোকৰ মৃত্যু, দেশ এৰি পলায়নৰ চেষ্টা নাগৰিক সকলৰ

September 17, 2025 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd