• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

অসমৰ ৰাজনীতিৰ ‘ধূমকেতু’ বদৰুদ্দিন আজমলৰ কলংকমোচন সম্ভৱনে?

ৰাজেন শৰ্মা by ৰাজেন শৰ্মা
December 27, 2018 3:22 pm
GettyImages_519410580

এআইয়ুডিএফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৌলানা বদৰুদ্দিন আজমল অসমৰ ৰাজনীতিত এটা ‘ধূমকেতু’।ধৰ্মৰ আলমত ৰাজনীতিৰ দোকান খুলি এটা বঞ্চিত জাতিক কেনেদৰে ব্যৱহাৰ কৰিব পাৰি সেয়া আজমলে ইতিমধ্যে প্ৰমান কৰি দিছে।নিজৰ ব্যৱসায়িক সাম্ৰাজ্য বৃদ্ধিৰ স্বাৰ্থত ৰাজনীতিক পেছা হিচাপে গ্ৰহণ কৰা আজমল কোম্পানীৰ গ্ৰাসত পৰি অসমৰ মুছলমান সমাজে ইতিমধ্যে বহুখিনি মৰ্যাদা হেৰুৱালে।শেহতীয়াকৈ মুছলমান সম্প্ৰদায়ৰ শিক্ষিত সমাজে আজমলৰ কুটিল ৰাজনীতিৰ ৰহস্য বুজি উঠিছে আৰু বিগত পঞ্চায়ত নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰো দিছে।

যোৱা বুধবাৰে বদৰুদ্দিন আজমলে মানকাচৰত এটা নিউজ পৰ্টেলৰ সাংবাদিক এগৰাকীক অভৱ্য আচৰণ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিছে। আনকি আজমলে সাংবাদিকগৰাকীৰ প্ৰতি যি ভাষা ব্যৱহাৰ কৰিছে সেয়া এগৰাকী জন প্ৰতিনিধিৰ বাবে কলংকই নহয়, ইয়াৰ বাবে তেওঁক সভ্য সমাজৰ বিবেকবান লোকসকলে সামাজিকভাৱে বৰ্জনো কৰা উচিত। আজমলে এনে আচৰণৰ দ্বাৰা নিজৰ বেপাৰী চৰিত্ৰকে প্ৰতিফলিত কৰা নাই, লগতে তেওঁ ‘ইছলাম’ৰ পৱিত্ৰতাকো আঘাত হানিছে।ইছলামধৰ্মী লোকসকলে বদৰুদ্দিন আজমলৰ এনে আচৰণক অৱশ্যেই গৰিহণা দিব।

বদৰুদ্দিন আজমল সাম্প্ৰতিক ভাৰতীয় ৰাজনীতিৰ এটা পংকিল চৰিত্ৰ। সামাজিক শিষ্টাচাৰ নজনা আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ মোল নুবুজা এনে নেতাই একো একোটা জনগোষ্ঠীক পদে পদে লাঞ্চিত কৰি আহিছে। অসমৰ মুছলমান সমাজক ধৰ্মৰ নামত ‘ব্লেকমেইলিং’ৰ ৰাজনীতিৰে মূলসূঁতিৰ পৰা আঁতৰাই নিয়াৰ চক্ৰান্তত বিগত কেইবছৰ ধৰি আজমল সফল হৈছে। কিন্তু টেঙা আম কি সদায় বেচিব পাৰি? অসমৰ মুছলমান সমাজৰ গৰিষ্ঠ সংখ্যক শিক্ষিত মুছলমান লোকে এতিয়া বদৰুদ্দিনৰ এনে ঘৃণনীয় চক্ৰান্তৰ প্ৰতিবাদ কৰিব লৈছে।

সাংবাদিকক বদৰুদ্দিন আজমলে দুৰ্ব্যৱহাৰ কৰাৰ জৰিয়তে সাংসদগৰাকীৰ নিজৰ লুকাই ৰখা চৰিত্ৰৰ বহিৰ্প্ৰকাশ ঘটিল। বিগত কেইবছৰ ধৰি ধৰ্মীয় সংখ্যালঘুৰ ত্ৰাণকৰ্তা হিচাপে অভিনয়ত অৱতীৰ্ণ হৈ আজমলে সম্প্ৰদায়টোক নিজৰ ৰাজনীতিৰ ঢাল হিচাপে ব্যৱহাৰ কৰিলে। সময় আৰু সুযোগৰ অচিলাত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই ইছলামৰ মৰ্যাদাকো অৱনমিত কৰিলে। ধন আৰু প্ৰলোভনেৰে নিষ্পেষিত লোকসকলক অন্ধকাৰৰ গভীৰলৈ ঠেলি দিলে।নিজৰ ব্যৱসায়িক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ বংশানুক্ৰমমিক ৰাজনীতিৰ পাতনি মেলিলে।তাতোকৈ ডাঙৰ কথা ধৰ্মৰ অৱগুণ্ঠিত ৰহস্যৰ ভেদ ভাঙিব নোৱাৰাকৈ অনাখৰী লোকসকলক বিপথে পৰিচালিত কৰিলে।

আজমলে অসমৰ অনগ্ৰসৰ মুছলমান সমাজৰ মাজত অন্ধবিশ্বাস আৰু কুসংস্কাৰ জাপি দি আন এক ডাঙৰ সামাজিক অপৰাধ কৰিছে। বিশাল ৰাজহুৱা সভাত ‘পানী জাৰি’ দি সাধাৰণ ৰাইজক আভুৱা ভাৰিছে।বিগত দুটা দশকত অসমৰ মুছলমান সমাজৰ অনগ্ৰসৰতাৰ কাৰণ বিশ্লেষণ কৰিলে তাত আজমলৰ ভূমিকাও কম নোলাব।তদুপৰি, আজমলৰ বিৰুদ্ধে ‘জাকাত’ৰ ধন আত্মস্যাৎ কৰাৰ অভিযোগো উত্থাপিত হৈ আহিছে।

তাৎপৰ্যপূৰ্ণভাৱে, মৌলানাগৰাকীয়ে মুছলমান সমাজৰ উচ্চ শিক্ষিত তথা বিবেকবান ব্যক্তিক তেওঁৰ সহযোগী হিচাপে ৰাখিব নিবিচাৰে। যিসকল তেওঁৰ আশে পাশে থাকে তেওঁলোকে ৰাজনৈতিক অভিলাষ পূৰণৰ বাবে আজমলক ‘হয় হুজুৰ’ কৰি থাকে।এইদৰে চাবলৈ গ’লে বদৰুদ্দিন আজমল অসমৰ মুছলমান সমাজৰ প্ৰধান শত্ৰু।

আজমলৰ ‘হয় হুজুৰ’ ৰাজনীতিৰ পৰা ইতিমধ্যে কেইবাজনো শিক্ষিত তথা বিচাৰ বুদ্ধি সম্পন্ন নেতা ফালৰি কাটি আহিছে। তদুপৰি, বদৰুদ্দিন আজমলৰ আন এটা বৈশিষ্ট হ’ল তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ শিক্ষিত মুছলমান নেতাক বৰকৈ বিশ্বাসত নলয়।আনকি তেওঁৰ গোপন এজেণ্ডাৰ উমান পাব বুলি এই নেতাসকলৰ পৰা নিজে দূৰত্ব বজাই ৰাখে।মুঠতে, আজমলে তেওঁৰ ‘খানদান’ৰ প্ৰতি অন্ধ সমৰ্থন থকা আৰু কোনোদিনে তেওঁৰ বিচাৰবুদ্ধিৰ ওপৰত প্ৰশ্ন নকৰা নেতাকহে লগত ৰাখে।

বুধবাৰে সাংবাদিকগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বদৰুদ্দিন আজমলে তেওঁৰ আচৰণৰ জৰিয়তে গণতন্ত্ৰৰ মৰ্যাদাক কবৰ দিলে।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁৰ ব্যৱহাৰে জন প্ৰতিনিধিগৰাকীৰ ‘নিৰ্লজ’ চৰিত্ৰ উদঙাই দিলে। অসমৰ সংবাদ জগতৰ লগতে সকলো সচেতন ৰাইজে তেওঁৰ এনে অশিষ্ট আচৰণৰ বিৰুদ্ধে মাত মাতিছে। গণতন্ত্ৰৰ প্ৰতি শ্ৰদ্ধা নথকা এনে উদ্ধত নেতাৰ পৰা সাধাৰণ ৰাইজে ন্যায় পোৱাৰ সম্ভাৱনাই বা ক’ত? দুৰ্ভাগ্যজনক কথা, ধনবল আৰু নীচ চক্ৰান্তৰ বলত এওঁলোকে বাৰেবাৰে সাধাৰণ ৰাইজক ঠগি নেতা হোৱাৰ সুযোগ লাভ কৰে।

আমাৰ ধাৰণা শেহতীয়াকৈ বদৰুদ্দিন আজমলৰ দৰে বহুৰূপী নেতাৰ প্ৰতি সাধাৰণ মুছলমান ৰাইজো বিতুষ্টি হ’বলৈ আৰম্ভ কৰিছে। কিয়নো ধৰ্মৰ নামত বিপথে পৰিচালিত কৰি এটা জাতিক প্ৰায় নি:শেষ কৰিবলৈ বিচৰা এনে নেতাই নিজৰ ব্যৱসায়িক তথা ৰাজনৈতিক ভৱিষ্যতৰ সুৰক্ষাৰ বাবে জাতিটোক বিক্ৰী কৰি দিবলৈ বেচিপৰ নালাগিব। অসমৰ মুছলমান সমাজে যিমান সোনকালে এই কথাবোৰ বুজি পাব সিমানেই মংগল। শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত অসমৰ মুছলমান ৰাইজে যিদৰে দলটোক উৎখাত কৰিলে সেই ধাৰা অব্যাহত থাকিলে জাতিটোৰ ৰাজনৈতিক ভৱিষ্যতেই নহয়, লগতে জাতিটোৰ মৰ্যাদাও সুৰক্ষিত থাকিব।

 

ৰাজেন শৰ্মা

ৰাজেন শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd