• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘দক্ষ’ মুখ্যমন্ত্ৰীৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী;কেৱল ফাঁকিৰে চলিছে বিজেপি চৰকাৰ

কোভিডৰ প্ৰতিষেধকৰ ক্ষেত্ৰত অসমৰ অৱস্থা পুতৌজনক!: অজিত কুমাৰ ভূঞা

জাহ্নৱী বৰুৱা by জাহ্নৱী বৰুৱা
June 4, 2021 4:45 pm
ajt
368
VIEWS
Share on FacebookShare on Twitter

অসমৰ দুটাকৈ কাগজ কল আৰু কোভিড পৰিস্থিতিক লৈ শুক্ৰবাৰে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু মনজিৎ মহন্তই সংবাদমেল অনুষ্ঠিত কৰে।

সংবাদমেলত বিজেপি চৰকাৰক কটাক্ষ কৰি অজিত কুমাৰ ভুঞাই কয় ‘দক্ষ’ মুখ্যমন্ত্ৰীৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী কৰিবলৈ সাজু হৈছে।কেৱল ফাঁকিৰে চলিছে বিজেপি চৰকাৰ।

নিয়মীয়াকৈ দা-দৰমহা পাই থকা মুৰব্বীজনে হঠাৎ আজিৰ পৰা দৰমহা নাপালে কি অৱস্থা হ’ব?বুলি প্ৰশ্ন কৰি ভুঞাই লগতে কয় “জাগীৰোডৰ অশোক কাগজ কলৰ কৰ্মচাৰীসকলৰো সেই অৱস্থাই হৈছিল ২০১৭চনৰ ১৩ মাৰ্চৰ পৰা। লাভজনকভাৱে চলি থকা কাগজ কলটোৰ উৎপাদন হঠাৎ বন্ধ কৰি দিয়া হ’ল।হাহাকাৰ লাগিছিল ৩০০০ কৰ্মচাৰীৰ মাজত।”

সংবাদমেলৰ জৰিয়তে জাগীৰোডৰ অশোক কল বিক্ৰীৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে সাংসদগৰাকীয়ে।
ভূঞাই কয় যে নিৰ্বাচনৰ আগতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে চিঞৰি চিঞৰি কৈছিল যে জাগীৰোড আৰু কাছাৰৰ কাগজ কল দুটা পুনৰ জীয়াই তুলিব।এই বাণী শুনি অসমৰ বহু ৰাইজৰ লগতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই একেলগে তাল মিলাই নাচিছিল।কিন্তু সেই সকলো মিছা প্ৰতিপন্ন কৰি দুদিন পিছত খবৰ পোৱা গল যে সেই কাগজ কল দুটা নিলামত যাব।

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যোৱা ১৫ টা বছৰে শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগটোৰ ইমানেই কাম কৰিলে যে সামান্য অৰ্থনৈতিকভাৱে সচ্চল পৰিয়াল এটায়েও চৰকাৰী স্কুল,চৰকাৰী হস্পিতাললৈ পৰিয়ালৰ সদস্য পঠিয়াব নোখোজে।এতিয়া এই ‘দক্ষ’ মুখ্যমন্ত্ৰীজনৰ দিনত অসমৰ দুটাকৈ কাগজ কল পানীৰ দৰত বিক্ৰী হব সেইয়া লক্ষণীয়।অসমত এয়াই দক্ষতা।”

কেৰেলা,তামিলনাডু,দিল্লীৰ দক্ষতাৰ প্ৰসংগত উদাহৰণ দি অজিত ভুঞাই পুনৰ কয়”কেৰেলা,তামিলনাডুৰ নিচিনা ৰাজ্যই বিনামূলীয়াকৈ কোভিড চিকিৎসা সেৱা কৰি থকা দেখা পোৱা গৈছে। চৰকাৰী তথা ব্যক্তিগত চিকিৎসালয় সমূহে সকলো ৰোগীক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগ বঢ়াই আছে।দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত অসমত চিকিৎসা ব্যৱস্থাত চৰম বিশৃংখলতা আজিও বিদ্যমান।ভেকচিনেচনৰ ক্ষেত্ৰত অসমৰ শতকৰা হাৰ পুতৌজনক।”

আনহাতে নিজৰ ব্যৰ্থতা ঢাকিবলৈ চৰকাৰে প্ৰথম আৰু দ্বিতীয় পালি ভেকচিনৰ মাজৰ ব্যৱধান বাৰম্বাৰ নিজৰ খেয়াল-খুচি মতে সাল-সলনি কৰি থকাৰ ফলত সাধাৰণ ৰাইজে চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলিও অজিত ভূঞাই মন্তব্য কৰে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd