আলফা, এনডিএফবি নহয় চৰকাৰে দায়িত্ব দিলে পাকিস্তানৰ লগতো আলোচনা কৰিবলৈ সাজু আছো : বিশ্বজিত দৈমাৰী

IMG_20180815_095012 (1)

ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ ফাইল ফটো। ফটো : নৰ্থ-ইষ্ট নাও

‘উত্তৰ-পূৰ্বাঞ্চলৰ যি উগ্ৰপন্থী সমস্যা সেই সমস্যা ভাৰত চৰকাৰে সমাধানৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া নাই। উত্তৰ-পূবৰ যি জ্বলন্ত সমস্যা, সেইবোৰ আমাৰ জাতীয় সমস্যা আৰু সেই সমস্যাবোৰ আমাৰ সমাজ জীৱনৰ লগত জড়িত হৈ আছে। সেই সমস্যাৰ বাবে আমাৰে মাজৰ কোনোবা ভাই, ভতিজা আদিয়ে উগ্ৰপন্থী হৈ সেই সমস্যাৰ বাবে মাত মাতি আহিছে।  সেই সকলক অকল উগ্ৰপন্থীৰ দৃষ্টিৰে চালেই নহব। যেতিয়ালৈকে আলাপ-আলোচনাৰ মাজেৰে সেই সকলক মূল সুঁতিলৈ ঘূৰাই আনিব পৰা নাযায়, তেতিয়ালৈ দেশত বা ৰাজ্যত শান্তি ঘূৰি নাহে’।

স্বাধীনতা দিৱসৰ দিনা ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে সাংবাদিকৰ আগত এইদৰে মন্তব্য কৰে। উত্তৰ পূৰ্বাঞ্চলৰ যি উগ্ৰপন্থী সমস্যা সেইয়া সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ বা ভাৰত চৰকাৰে গুৰুত্ব নিদিয়া বিষয়টো সংসদৰ মজিয়াত শূন্য কালীন ঘণ্টাৰ সময়ত উত্থাপন কৰা হৈছিল বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ কয় যে  উগ্ৰপন্থী সকলক মূল সুঁতিলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নিয়োগ কৰাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰী, গৃহ মন্ত্ৰণালয়ৰ আমোলা-বিষয়াই নিজে প্ৰত্যক্ষ ভাবে আলাপ আলোচনা কৰি সমস্যা সমাধানৰ পথ উলিয়াব লাগিব। উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত যি সকল লোকক মধ্যস্থতাকাৰী হিচাপে নিয়োগ কৰা হৈছে সেই সকলে প্ৰকৃতাৰ্থত কি কৰি আছে তাক গৃহ মন্ত্ৰনালয়ে নিৰীক্ষণ কৰাৰ দৰকাৰ।

সাংসদ গৰাকীয়ে কয় যে ছয় মাহত বা এবছৰৰ মূৰত এবাৰ আলোচনাত বহি মধ্যস্থতাকাৰী সকলে চাহ-পানী খাই  সময় নষ্ট কৰাৰ বাহিৰে প্ৰকৃতাৰ্থত উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ত্বই আৰোপ কৰা নাই বুলিও তাৎপৰ্যমূলক মন্তব্য কৰে।

তেওঁ সাংবাদিকৰ আগত পুনৰ কয় যে উগ্ৰপন্থীৰ লগত আলোচনাৰ বাবে মধ্যস্থতাকাৰী নিযুক্তি দি বেপাৰীৰ ধৰণেৰে চলা কেন্দ্ৰীয় চৰকাৰৰ যি স্বভাৱ বা চৰিত্ৰ , সেইয়া সলনি নহলে উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধান কেতিয়াও সম্ভৱ নহয়।

বি এল টি চুক্তিৰ উদাহৰণ দাঙি ধৰি তেওঁ কয় যে যিদৰে মধ্যস্থতাকাৰী অবিহনে প্ৰত্যক্ষ ভাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু গৃহ মন্ত্ৰণালয়ৰ বিষয়া সকলৰ উপস্থিতিত বি এল টি চুক্তি স্বাক্ষৰিত হৈছিল আৰু দুবছৰৰ ভিতৰত এই চুক্তি চূড়ান্ত কৰা হৈছিল। ঠিক সেই একেই প্ৰক্ৰিয়াৰে বৰ্তমানৰ উত্তৰ-পূবৰ উগ্ৰপন্থী সমস্যা সমাধানৰ ক্ষেত্ৰত মধ্যস্থতাকাৰী নোহোৱাকৈ গৃহ মন্ত্ৰী আৰু গৃহ মন্ত্রণালয়ৰ বিষয়াৰ জৰিয়তে আলোচনাৰে সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰিব লাগিব বুলি ৰাজ্য সভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰে মন্তব্য কৰে।

ইয়াৰ উপৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে যদিহে ভাৰত চৰকাৰে মোক সঁচা অৰ্থত সমস্যা সমাধানৰ বাবে আলোচনা কৰিবলৈ দায়িত্ব দিয়ে তেন্তে আলফা, এনডিএফবি কিয়,  মই পাকিস্তানৰ লগতো আলোচনা কৰিবলৈ আগ্ৰহী, কিন্তু এই কথা কেন্দ্ৰীয় চৰকাৰ বা ভাৰত চৰকাৰে অনুভৱ কৰিব নে বুলিও সাক্ষাৎকাৰত সাংসদ বিশ্বজিত দৈমাৰীয়ে প্ৰশ্নৰ অৱতাৰণা কৰে।

বাক্সা জিলাৰ শুক্লাইত বিটিচিৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীৰ নিজা উদ্যোগত অনুষ্ঠিত দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰৰ সময়ত ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে এইদৰে মন্তব্য কৰা দেখা যায়।