বিৰল দৃষ্টান্ত! মহিলাৰ অভিযোগৰ পাছতেই নিজেই টয়লেট পৰিষ্কাৰ কৰিলে মন্ত্ৰীয়ে

washroom-3

প্ৰতিনিধিত্বমূলক ফটো।

এক বিৰল দৃষ্টান্ত দাঙি ধৰি মধ্য প্ৰদেশৰ শক্তি মন্ত্ৰী প্ৰদ্যুমন সিং তোমৰে শুকুৰবাৰে নিজেই চৰকাৰী কাৰ্যালয়ৰ টয়লেট পৰিষ্কাৰ কৰে।

মন্ত্ৰীগৰাকীয়ে আয়ুক্তৰ কাৰ্যালয় পৰিদৰ্শনৰ সময়ত এগৰাকী মহিলা কৰ্মচাৰীৰ অপৰিষ্কাৰ টয়লেটৰ অভিযোগ শুনাৰ পাছত নিজেই টয়লেট পৰিষ্কাৰ কৰে।

মন্ত্ৰী তোমৰে স্থানীয় সংস্থাৰ বিষয়াসকলৰ পৰা পৰিষ্কাৰ কৰা সঁজুলি খুজি লৈ নাগৰিক সংৰক্ষণ কৰ্মীসকলৰ সৈতে টয়লেট চাফা কৰাত লাগি পৰে।

উল্লেখ্য যে তোমৰে যোৱা মাৰ্চত কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰিছিল।

টয়লেট পৰিষ্কাৰ কৰি উঠি মন্ত্ৰীগৰাকীয়ে কয় যে লেতেৰা টয়লেটে সকলোৰে বাবে, বিশেষকৈ মহিলাসকলৰ বাবে অসুবিধাৰ সৃষ্টি কৰে।

তেওঁ কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৰাজ্যখনৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানে পৰিচ্ছন্নতা নিশ্চিত কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলাই আহিছে।

কাৰ্যালয়সমূহ সদায় পৰিষ্কাৰ হৈ থাকিব লাগে বুলি উল্লেখ কৰি তেওঁ বিষয়াসকলক সদায় টয়লেটসমূহ পৰিষ্কাৰ তথা ব্যৱহাৰযোগ্য কৰি ৰখাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।