বিটিচি নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন থকা অৱস্থাত মুছলপুৰৰ নিৰ্বাচনী সভাত কিয় মুণ্ডন কৰিলে নৱ কুমাৰ শৰণীয়াই?

মুণ্ডন কৰি থকা অৱস্থাত সাংসদ শৰণীয়া

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনী সভাত মুণ্ডন কৰি আজি চমক দিয়ে গণ সুৰক্ষা পাৰ্টিৰ নেতা তথা সাংসদ নৱ কুমাৰ শৰণীয়াই।

আজি বাক্সা জিলাৰ মুছলপুৰত অনুস্থিত হোৱা গণ সুৰক্ষা পাৰ্টিৰ এখন নিৰ্বাচনী সভাত ভাষণৰ অন্তত ৰাজহুৱা মুণ্ডন কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰা আন কেইবাজনো গণ সুৰক্ষা পাৰ্টিৰ সমৰ্থকে সাংসদ শৰণীয়াৰ সৈতে একেলগে ৰাজহুৱা মুণ্ডন কৰে।

মূলত বিটিচিত অবড়ো লোকসকলৰ জাতি, মাটি, ভেটি ৰক্ষাৰ দাবীৰে সাংসদ শৰণীয়াই এই মুণ্ডন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ সৈতে লগ লাগি অসমীয়া ভাষাক চতুৰ্থ স্হানলৈ অবনমিত কৰা কাৰ্যৰ বিৰোধিতাৰেও এই ৰাজহুৱা মুণ্ডন কাৰ্য্যসূচী ৰূপায়ন কৰা হয় ।

মুণ্ডন কৰি শৰণীয়াই বিটিএডিত অসমীয়া ভাষা সদায়েই প্ৰথম স্হানত থাকিব বুলি সজোৰে মন্তব্য প্ৰকাশ কৰে।

বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ কাৰ্য শনিবাৰে বিয়লি অন্ত পৰিব। বি টি আৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচন ওদালগুৰিৰ ১০টা সমষ্টি আৰু বাক্সা জিলাৰ ১১টা সমষ্টিত হ’ব।

ইফালে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰ আৰু চিৰাং জিলাত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে এইবাৰৰ পৰিষদীয় নিৰ্বাচনত বিপিএফ, বিজেপি, য়ুপিপিএল, গণ সুৰক্ষা পাৰ্টী, কংগ্ৰেছ, এআইয়ুডিএফ আৰু নিৰ্দলীয় প্ৰাৰ্থীসকলে ভোটৰক আকৰ্ষিত কৰাৰ বাবে তীব্ৰ ৰূপত চলাই আছে প্ৰচাৰ।