লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ গুৱাহাটী লোকসভা সমষ্টিৰ আসনখনৰ পৰা নিজ দলৰ প্ৰাৰ্থী জিকাই নিবলৈ কংগ্ৰেছ-বিজেপি উভয় পক্ষই প্ৰাৰ্থিত্বকেন্দ্ৰিক চিন্তা চৰ্চা অব্যাহত ৰাখিছে। তাৰ মাজতেই খৱৰ অনুসৰি গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অধিক চৰ্চিত হৈছে বৰ্তমান ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাৰ নাম।
কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ কলিতাই প্ৰতিদ্বন্দিতা কৰাটো বিচাৰিছে। সংবাদমাধ্যমৰ আগত আজি এই কথা সদৰী কৰে সাংসদ ভুৱনেশ্বৰ কলিতাই। অৱশ্যে মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰাও কলিতাই প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।
আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা লোকসভা কেন্দ্ৰিক বৈঠকৰ অন্তত কলিতাই কয়, ‘’দলে ইতিমধ্যে মোক লোকসভা নিৰ্বাচনত গুৱাহাটী অথবা মঙ্গলদৈ সমষ্টিৰ পৰা থিয় হ’বৰ কাৰণে আহ্বান জনাইছে। দলৰ আদেশ মই বহন কৰিব লাগিব। দলে মোক বিবেচিত কৰিলে মই নিৰ্বাচনত অৱতীৰ্ণ হ’ম। মইও কথাটো বিবেচনা কৰি আছো।‘’
আনহাতে, ইতিমধ্যে ৰাজ্যিক পৰ্য্যায়ত প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে যদিও কেন্দ্ৰীয় পৰ্য্যায়ত প্ৰাৰ্থী বাছনি কিছু পৰিমাণে বাকী থকা বুলি সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে।
ইপিনে, দুয়োটা সমষ্টিৰ ভিতৰত যিকোনো এটাতে সাংসদজন অৱতীৰ্ণ হ’বলৈ প্ৰস্তুত বুলিও সদৰী কৰে সাংসদজনে।
‘’গুৱাহাটী সমষ্টিটো ইতিমধ্যে প্ৰতিনিধিত্ব কৰিছো আৰু মঙ্গলদৈৰ বাসিন্দা হিচাপে বিধানসভালৈ নিৰ্বাচিত হৈছিলো। গতিকে দুয়োটা সমষ্টিৰ ভিতৰত যিকোনো এটা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব পাৰিম।‘’ সংবাদ মাধ্যমৰ আগত এইদৰে কয় সাংসদজনে।
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ১৯৮৪, ২০০৮ চনত আৰু ২০১৪ চনৰ ১০ এপ্ৰিলত সাংসদজন অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। লগতে ১৯৯৮ চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তদুপৰি, ২০০১ চনৰ পৰা ২০০৬ চনলৈ ৰাজ্যৰ গৃহ বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্য্য নিৰ্বাহ কৰিছিল। লগতে তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে দীৰ্ঘদিন ধৰি কাৰ্য্যনিৰ্বাহ কৰি আছিল।
আনহাতে, প্ৰদেশ কংগ্ৰেছৰ এক উচ্চস্তৰীয় সুত্ৰৰ তথ্য মতে নগাওঁ লোকসভা সমষ্টিৰ পৰা প্ৰদ্যুত বৰদলৈ আৰু দুৰ্লভ চমুৱা, কলিয়াবৰৰ পৰা গৌৰৱ গগৈ, যোৰহাটৰ পৰা সুশান্ত বৰগোঁহাই আৰু গায়ত্ৰী সন্দিকৈ, লখিমপুৰৰ পৰা অৰূপ বৰগোঁহাই আৰু জয়প্ৰকাশ দাস, কৰিমগঞ্জৰ পৰা স্বৰূপ দাস, শিলচৰৰ পৰা সুস্মিতা দেব, ডিব্ৰুগড়ৰ পৰা পৱনসিং ঘাটোৱাৰ, ধুবুৰীৰ পৰা আবু তাহেৰ বেপাৰী, বৰপেটাৰ পৰা আব্দুল খালেক, তেজপুৰ সমষ্টিৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া এম জি ভি কে ভানু আৰু টংক বাহাদুৰ ৰায়ৰ নাম প্ৰাৰ্থিত্বৰ দৌৰত আছে।