NORTHEAST NOW (Assamese)

তেজপুৰত বিজেপিৰ ডাৱৰ আঁতৰা নাই : গোৰ্খাই বিজেপিক ভোট নিদিয়ে বুলি ক’লে আৰ পিয়ে

April 8, 2019 12:11 pm · এন ই নাও নিউজ
তেজপুৰৰ সাংসদ আৰ পি শৰ্মা। ফাইল ফটো

এইবাৰ গোৰ্খা সমাজে বিজেপিক ভোট নিদিয়ে। দেওবাৰে তেজপুৰত এই মন্তব্য সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ। সাংবাদিকৰ আগত সাংসদগৰাকীয়ে লগতে এইবাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ আসন কমিব বুলিও মন্তব্য কৰে।

সাংসদ আৰ পি শৰ্মাই দাবী কৰে যে এইবাৰ গোৰ্খা জনগোষ্ঠী অসন্তুষ্ট হোৱাৰ লগতে ক্ষুব্ধও হৈ আছে। ৰাজনীতি শিকিব লাগিলে শোণিতপুৰৰ গোৰ্খা সমাজৰ পৰা শিকিব লাগে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক  নচুৱালে বুলিও দাবী কৰে।

অসমৰ প্ৰত্যেকখন জিলাৰ সদৰতে ড০ হিমন্ত বিশ্ব শৰ্মাই নাচিব লাগিব বুলি কটাক্ষ কৰি সাংসদ শৰ্মাই কয় ‘নেডা এতিয়া পানীত, ব্ৰহ্মপুত্ৰত উটি গ’ল।‘

সাংসদগৰাকীয়ে হিমন্তই তেজপুৰক লৈ ব্যস্ত থকা বুলি উল্লেখ কৰি হিমন্তৰ নৃত্যক জালুকবাৰীৰ ভাংৰা বুলি তৰল মন্তব্য কৰে। তেওঁ লগতে ৰমেন ডেকা, ৰাজেন গোহাঁই, কামাখ্যা প্ৰসাদ তাচা আৰু তেওঁৰ প্ৰাৰ্থিত্ব কৰ্তনৰ প্ৰভাৱ নিৰ্বাচনত পৰিব বুলি সদৰী কৰে।

আনহাতে, হিমন্তৰ ললীপপ আৰ পি শৰ্মাই নাখায় বুলি সদৰী কৰি টিকট বঞ্চিত সাংসদগৰাকীয়ে কয়,‘’আৰ পি শৰ্মাৰ তেজ গোৰ্খাৰ তেজ, যাৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা নাচিবলৈ বাধ্য হৈছে।‘’

 

Related News