বৃদ্ধি পাইছে সাংসদসকলৰ দৰমহা। দৰমহাৰ উপৰিও দৈনিক ভাট্টা আৰু পেঞ্চনো বৃদ্ধি পাইছে। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা বিভাগে জাৰি কৰা গেজেট অধিসূচনাত এই কথা প্ৰকাশ কৰিছে।
গাইডলাইন অনুসৰি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা নতুন হাৰত সাংসদসকলে দৰমহা লাভ কৰিব। পূৰ্বতে ২০১৮ চনত সাংসদৰ দৰমহা বৃদ্ধি কৰা হৈছিল। এতিয়ালৈকে সাংসদৰ মাহিলী দৰমহা আছিল ১ লাখ টকা।
কেন্দ্ৰৰ নতুন গাইডলাইন অনুসৰি এতিয়াৰ পৰা সেই দৰমহা হ’ব ১ লাখ ২৪ হাজাৰ টকা।
দৰমহা বৃদ্ধিৰ সমান্তৰালকৈ সাংসদসকলৰ দৈনিক ভাট্টাও বৃদ্ধি পাইছে। এতিয়ালৈকে সংসদৰ অধিৱেশনৰ সময়ত সাংসদসকলে দৈনিক ২০০০ টকা ভাট্টা লাভ কৰিছিল। যিটো এতিয়াৰ পৰা হ’ব ২৫০০ টকা।
ইয়াৰ পূৰ্বে প্ৰাক্তন সাংসদসকলে মাহিলী ২৫ হাজাৰ টকাৰ পেঞ্চন লাভ কৰিছিল। নতুন গাইডলাইন অনুসৰি এতিয়া ই ৩১ হাজাৰ টকালৈ বৃদ্ধি পাব।
২০১৮ চনৰ সংশোধনী অনুসৰি সাংসদসকলে নিজৰ জিলা কাৰ্যালয়সমূহ আপডেট কৰি ৰখা আৰু ভোটাৰৰ সৈতে যোগাযোগৰ খৰচ বহন কৰিবলৈ ৭০ হাজাৰ টকাৰ ভাট্টা লাভ কৰিছিল। ইয়াৰ উপৰিও সংসদীয় অধিৱেশনৰ সময়ত তেওঁ প্ৰতিমাহে কাৰ্যালয় ভাট্টা হিচাপে ৬০ হাজাৰ টকা আৰু দৈনিক ভাট্টা হিচাপে ২০০০ টকা লাভ কৰিছিল। যি এতিয়া ২৫০০ টকা বৃদ্ধি পাইছে।
ইয়াৰ উপৰিও সাংসদসকলে বছৰটোত ফোন আৰু ইণ্টাৰনেট ব্যৱহাৰৰ বাবে ভাট্টা লাভ কৰে। নিজৰ আৰু পৰিয়ালৰ বাবে বছৰি ৩৪খন বিনামূলীয়া ঘৰুৱা বিমান আৰু পেছাদাৰী আৰু ব্যক্তিগত ব্যৱহাৰৰ বাবে যিকোনো সময়তে প্ৰথম শ্ৰেণীৰ ৰেল যাত্ৰা লাভ কৰে।
লগতে, সাংসদসকলেও বছৰি ৫০ হাজাৰ ইউনিট বিনামূলীয়া বিদ্যুৎ আৰু ৪ হাজাৰ কিলোলিটাৰ পানী লাভ কৰে।
উল্লেখ্য যে সাংসদ সকলক নতুন দিল্লীত বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়া হয়। ইয়াৰ উপৰিও জ্যেষ্ঠতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ বাবে হোষ্টেলৰ কোঠা, এপাৰ্টমেণ্ট বা বাংলোৰ ব্যৱস্থা কৰা হয়। চৰকাৰী গৃহ ব্যৱহাৰ নকৰা সকলেও মাহিলী আৱাস ভাট্টা লাভ কৰিব পাৰে।